অসম

চাবুৱাত প্ৰধান শিক্ষকক ধনদাবী অভিযন্ত্ৰাৰ

প্ৰথম খবৰ, চাবুৱা: শিক্ষকে অভিযন্ত্ৰাক উৎকোচ নিদিয়াৰ বাবে চাবুৱাৰ এখন চৰকাৰী বিদ্যালয়ত ৬ লাখ টকীয়া বিদ্যালয়ৰ শ্ৰেণীকোঠা সম্পূৰ্ণ নোহোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হৈছে। ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ৰ প্ৰতিচ্ছবিখনৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ এটুপি বিশুদ্ধ খোৱাপানী, প্ৰস্ৰাৱগাৰৰ অভাৱত হাহাকাৰ কৰিব লগা হয়৷ শ্ৰেণী কোঠাৰ অভাৱত ৰাজ্যৰ শ – শ ছাত্ৰ-ছাত্ৰীয়ে বহু কষ্টৰে পাঠদান কৰিব লগা হয়৷

তাৰ মাজতে পোহৰলৈ আহিছে শিক্ষকক অভিযন্তাই ধন দাবী কৰাৰ ঘটনা৷ অভিযন্তাগৰাকীক উৎকোচ নিদিয়াৰ বাবে বিদ্যালয়খনৰ শ্ৰেণী কোঠা নিৰ্মাণ আধৰুৱা হৈ থাকে৷ ডিব্ৰুগড় জিলাৰ চাবুৱাত সংঘটিত হৈছে এই ঘটনা৷ ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ণ খণ্ডৰ নাদুৱা হাতীগাধৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বাঢ়ি অহাত অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন হয়৷

ডিব্ৰুগড় জিলা উপায়ুক্তৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক আহ্বান জনোৱাত ২০১৫-১৬ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডে অতিৰিক্ত কোঠা নিৰ্মাণৰ বাবে ৬ লাখ টকা প্ৰদান কৰে বিদ্যালয়খনক৷ স্থানীয় ৰাজহচক্ৰ বিষয়াক অধ্যক্ষ হিচাপে লৈ খণ্ড উন্নয়ণ বিষয়াকসহ এটি নিৰ্মাণ সমিতি গঠন কৰা হয়৷ সমিতিয়ে ৰাইজৰ পৰামৰ্শ অনুসৰি শ্ৰেণীকোঠা দুটা নিৰ্মাণ কৰি আছিল যদিও যোৱা এবছৰে পানীতোলা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা গকুল কোৱৰক বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজয় চেতিয়াই পইচা নিদিয়াৰ বাবে নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে। বিদ্যলয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে এই সমগ্ৰ অভিযোগ লিখিতভাৱে ডিব্ৰুগড় জিলা উপায়ুক্তক দাখিল কৰে। এই কথা জানিব পাৰি দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনাইছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাই। প্ৰশাসনক এসপ্তাহৰ ভিতৰত কনিষ্ঠ অভিযন্তাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা নল’লে আন্দোলনৰ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতাগৰাকীয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close