অসমশীৰ্ষ

“প্ৰথম খবৰ”ৰ বাতৰিৰ প্ৰভাৱ: দলং মেৰামতি কৰিবলৈ বাধ্য হ’ল গড়কাপ্তানি বিভাগে

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা-বৰমাৰা-সৰ্থেবাৰী পথত থকা বক্স-কালভাৰ্টত বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ এক বাতৰি প্ৰথমতে “প্ৰথম খবৰ”ত প্ৰকাশ পাইছিল। তাৰ পিছতেই তৎপৰ হৈ পৰিল গড়কাপ্তানি বিভাগ। গড়কাপ্তানি বিভাগে বক্স কালভাৰ্টত সৃষ্টি হোৱা গাঁত মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰে পথচোৱা।

“প্ৰথম খবৰ”ৰ বাতৰিৰ প্ৰভাৱত গড়কাপ্তানি বিভাগে পথচোৱা মেৰামতি কৰাত গুৰুত্ব প্ৰদান কৰিছে। পথচোৱা এতিয়া কোনোমতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা বুলি জনায় স্থানীয় ৰাইজে। ইয়াৰ উপৰিও সমস্ত পথচোৱা বিধ্বস্ত হৈ পৰি থকাত স্থানীয় ৰাইজে গড়কাপ্তানি বিভাগৰ লগতে এই পথচোৱা মেৰামতি কৰাৰ বাবে আহ্বান জনায় বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যক।

Related Articles

Leave a Reply

Close