অসম

চেপনত পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি

প্ৰথম খবৰ, চেপন: সদৌ তাই আহোম ছাত্র সন্থা চেপন আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন তাই ভাষা, নৃত্য আৰু সাজপাৰ প্ৰদৰ্শণ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি যোৱা ১৫ আগষ্টত অনুষ্ঠিত হৈ যায়। স্থানীয় চেপন ৰাজহুৱা প্ৰেক্ষাগৃহত সন্ধিয়া ৬:০০ বজাৰ পৰা আৰম্ভ হোৱা সামৰণি অনুষ্ঠানটি এগচি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে পাটসাকো কেন্দ্ৰীয় তাই একাডেমিৰ অধ্যক্ষ বাবুল ফুকনে।

চেপন মহাবিদ্যালয়ৰ অধ্যক্ষ দীন গগৈ, চৰাইদেউ মহকুমা ছাত্র সন্থাৰ উপ-সভাপতি হৰেশ শেনছোৱা, আপকু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৰৎ শেনছোৱা, আটাছু শিৱসাগৰ জিলা সমিতিৰ শীৰ্ষ নেতাত্ৰয় ক্ৰমে অলক প্ৰতীম সন্দিকৈ, দয়ানন্দ ফুকন, মানস চাওল্যুঙ, যুৱ সমাজকৰ্মী শিৱ বৰুৱাই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে তাই আহোমৰ লাই ল্যঙ খাম নৃত্য, তাই জাতীয় সংগীত, তৰোৱাল নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

আনহাতে কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি পোন প্ৰথম বাৰৰ বাবে ‘মিচ চেপন’ শীৰ্ষক তাই আহোমৰ পৰম্পৰাগত সাজপাৰ  আৰু সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

প্ৰতিযোগিতাখনিত মৰাণ চেইণ্ট যোচেফ হাইস্কুলৰ ছাত্ৰী শ্ৰৱনিকা শেনছোৱাই ‘বেষ্ট স্মাইল’ খিতাপসহ ‘মিচ চেপন’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত চেপন জাতীয় বিদ্যাপীঠৰ ভায়লীনা গগৈয়ে ‘বেষ্ট এটিটিউদ’ ৰ সন্মানসহ প্ৰথম ৰাণাৰ্চ আপ আৰু বকতা কৰঙাৰ ই খাম ফুকনে দ্বিতীয় ৰাণাৰ্চ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close