উত্তৰ পূব

চিকিম বিশ্ববিদ্যালয়ত অসমীয়া নৱাগত আদৰণি সভা

প্ৰথম খবৰ, গেংটক: “অসমীয়াৰ দ্বাৰা অসমীয়াৰ বাবে অসমীয়াৰ হকে এখন সমাজ গঠনৰ” লক্ষ্যৰে চিকিম বিশ্ববিদ্যালয়ত অধ্যয়নত পুৰণি ছাত্ৰ-ছাত্ৰী সকলে ন-পুৰনিৰ একত্ৰিকৰণৰ লগতে নৱাগত সকলক আদৰণিৰ বাবে এখন সভা অনুষ্ঠিত কৰে পাঁচ মাইলৰ হোটেল চিমচৰত। সভাৰ আৰম্ভণিতে আয়োজক সমিতিৰ ফালৰ পৰা তথা ৰসায়ন বিজ্ঞান বিভাগৰ গবেষক ছাত্ৰ সমুজ্বল ভূঞাই নৱাগতসকলক উদ্দেশ্য কৰি এক সাৰুৱা মন্তব্য আগবঢ়াই। চিকিমত অসমীয়াৰ অস্তিত্ব বজাই ৰখা, একতাৰ এনাজৰী প্ৰতিষ্ঠা কৰা আদিকে মুখ্য কৰি আন বহুতো কথা তেখেতৰ ভাষণত সন্নিবিষ্ট হৈ পৰে।

তাৰ পৰৱৰ্তী পযাৰ্য়ত ক্ৰমশঃ নৱাগতসকলৰ চিনাকী পৰ্বৰ আৰম্ভণি হয়। চিনাকী পৰ্বৰ আঁত ধৰে ধিমান কাকতিয়ে। চিনাকী পৰ্বৰ মাজতেই তুষাৰ গগৈৰ কন্ঠৰে প্ৰাণ প্ৰায় উঠে জুবিন গাৰ্গৰ অন্যতম জনপ্ৰিয় গান -গান এটি গোৱা না অ মা। প্ৰতিজন ন- পুৰণি ছাত্র-ছাত্ৰীৰ চকুলো নিগৰে হয়তো নিজৰ আপোন মা জনী বা আপোন জনক এৰি অহাৰ বেদনাই এখুন্দা মাৰে তেওঁলোকৰ হৃদয়ৰ নিভাঁজ কোনত। সভাৰ শেষত ন পুৰণি ছাত্র-ছাত্ৰীসকলে একেলগে হিয়াৰ কুটুম বিহুতি মাৰিবলৈ নেপাহৰে।

যিটো সময়ত অসমত অসমীয়াৰ অস্তিত্বক লৈ সততে প্ৰশ্ন উত্থাপিত হোৱা পৰিলক্ষিত হৈছে, সেই একে সময়তে ধিমান কাকতি, প্ৰকাশ দত্ত, আব্দুলা খন্দাকৰ, বিশাল ভূঞা আদি কেইজনমান অসমীয়া যুৱকে জাতীয় সত্তা ৰখাৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে সচাঁকৈয়ে প্ৰশংসনীয়। এই খিনিতে উল্লেখ কৰিব লাগিব যে চিকিম বিশ্ববিদ্যালয়ত অসমৰ ৬৩৪ ছাত্ৰ-ছাত্ৰী অধ্যয়নত, এই সকলো ছাত্ৰ-ছাত্ৰীৰ একত্ৰীকৰণ সম্ভৱ হ’লে এখন অসমীয়া সমাজ যে অতি সোনকালে প্ৰতিষ্ঠা হ’ব সেইয়া একপ্ৰকাৰে নিশ্চিত। সপোনবোৰ সাৰ্থক হওঁক এখন অসমীয়া সমাজ প্ৰতিষ্ঠা হওঁক।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close