অসম

শিমলুগুৰিৰ পৰা কাৰেঙঘৰলৈ সংকল্প  সমদল

প্ৰথম খবৰ, শিমলুগুৰি: শিৱসাগৰ জিলাৰ শিমলুগুৰিত নগাঁও কাণ্ডৰ প্ৰতিবাদ। শিমলুগুৰি জংচন চৌহদৰ পৰা গড়গাঁও কাৰেংঘৰ প্ৰাঙ্গণলৈ বিশাল ৰসমদল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জাতীয় মহিলা পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তাই আহোম যুৱ পৰিষদ, অসম সাংস্কৃতিক সেৱা মঞ্চ, বৃহত্তৰ নিবনুৱা যুৱক সংঘ আৰু সমূহ ৰাইজৰ সহযোগত অসমত অসমীয়া জাতিৰ স্বাভীমানত আঘাত সনা নগাঁও কাণ্ডৰ প্ৰতিবাদত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত সংকল্প সমদল।

বাংলাদেশী গ’ বেক, অসম বিৰোধী  হুচিয়াঁৰ, বহিৰাগতৰ দাদাগিৰি নচলিব, অসম চৰকাৰ হায় হায় শ্লগানেৰে ৰাজপথ কঁপাই তোলে প্রতিবাদকাৰীসকলে। সমদলত জিতেন দত্তই অংশগ্ৰহণ কৰে লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাসৰ লগতে যুৱ ছাত্ৰৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়া,  জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী দীপ্তি বড়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ লগতে শিমলুগুৰিৰ বিষয়ববীয়াসকলৰ লগতে তাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Close