অসম

শিৱসাগৰ জিলা আইন শৃংখলাৰ নামত অৰাজকতা

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ জিলাখনত সম্প্ৰতি আইন শৃংখলাৰ নামত অৰাজকতাই বিৰাজ কৰিছে। কিছুদিনৰ পৰা শিৱসাগৰত ইটোৰ পাছত সিটোকৈ অপৰাধ মূলক ঘটনা সংঘটিত হোৱাটো স্বাভাৱিক গতিত পৰিণত হৈ পৰিছে।

এই অৱস্থাতোক শিৱসাগৰ জিলাখনৰ সৰ্বসাধাৰণৰ জনসাধাৰণে সহজভাবে ল’ব পৰা নাই। কিছুদিনৰ আগতে শিৱসাগৰ বাবুপট্টীত দুজন কাবুলিৱালাক ৰুমৰ ভিতৰত হত্যা, তাৰ কেইদিন মানৰ পাছতে শিৱসাগৰ বৰপুখুৰীত এগৰাকী মহিলাৰ মৃতদেহ, লক্ষ্মীনাথ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ নলাত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা।

একসপ্তাহ পূৰ্বে নিউ ডিলাক্সৰ মালিকাধিন ভাড়াঘৰৰ বাহিৰৰ পৰা তলা বন্ধ ৰুমত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা, তাৰ দুদিনৰ পূৰ্বে নগৰৰ মাজমজীয়াস্থিত ইষ্ট পইণ্ট নামৰ ব্যক্তিগত নাৰ্চিং হোমখনত এগৰাকী প্ৰসুতি মৃত্যু হোৱাকলৈ পুলিচ প্ৰশাসনৰ সন্মুখতে আই চি ইউ, অপাৰেচন কক্ষ,  ৰেডিঅ ল’জিৰ সমগ্ৰীকে ধৰি নাৰ্চিং হোমখনৰ সম্পূর্ণ ক্ষতিসাধন কৰা,  কালি জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত এটা সামান্য তৰ্ক-বিতৰ্কতে জনৈক দাস উপাধিৰ এজন শিক্ষিত তথা মেধা সম্পন্ন যুৱকক খেদি নি চিকিৎসালয়ৰ আৰক্ষী চকীৰ ভিতৰতে বেয়াকৈ মাৰপিট কৰি গুৰুতৰভাবে জখম কৰে।

দাসক মাৰপিট নকৰিবলৈ কোৱাৰ বাবে অনিল নামৰ এম্বোলেঞ্চৰ ডাইভাৰজনকো বেয়াকৈ মাৰধৰ কৰা বিষয়বোৰে শিৱসাগৰবাসীক বেয়াকৈ চিন্তিত কৰি তুলিছে। সম্প্ৰতি যেন শিৱসাগৰত প্ৰশাসন বুলি একোৱেই নাই, এনে অনুভৱে শিৱসাগৰ নাগৰিকৰ মাজত এক অশুভ সংকেতৰ ইংগিতে বহন কৰা বুলি গভীৰ চিন্তাই বিৰাজ কৰিছে।

ইফালে, একসপ্তাহৰ পূৰ্বে নগৰৰ মাজমজিয়াত কেন্দ্ৰীয় বজাৰৰ সন্মুখৰ নিউ ডিলাক্স মালিকাধিন ভাড়াঘৰৰ বাহিৰৰ পৰা তলাবন্ধ কোঠাত উদ্ধাৰ হোৱা মৃতদেহৰ প্ৰকৃত  হত্যাকাৰীক চিনাক্ত কৰিবলৈ বহুতো কাৰিকৰী স্থল আছিল বুলি মৃত দীক্ষা পৰিয়ালে দাবী কৰাৰ লগতে পুলিচ প্ৰশাসনৰ কৌশলগত অমনোযোগিতাৰ বাবেই প্ৰকৃত দোষী সাৰি যোৱাৰ উপক্ৰম ঘটিছে বুলিও দাবী উত্থাপন হৈছে।

দীক্ষাৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ চি আই ডি অহাৰ আগেয়েই কিছু কৌশিকগত দিশত মনোযোগ দিয়া নহ’ল বুলিও ক’ব বিচাৰিছে পৰিয়ালৰ লোকৰ লগতে দল সংগঠনৰ আৰু শিৱসাগৰৰ নাগৰিকে।

কাৰণ দীক্ষক হত্যা কৰা দূষ্কৃতিকাৰীৰ কোনোলোকেই নিশ্চয় কোঠাটোৰ দৰ্জাত তলা বন্ধ কৰিছে। এই ঘটনাটোৰ সম্পৰ্কত বৰ্ত্তমানলৈক ১৫ জনক সোধা-পোছাৰ বাবে আতক কৰিও সঠিক সূত্ৰ উলিওৱাত পুলিচ বিফল হোৱা বিষয়টো এক ৰহস্য সৃষ্টি কৰিছে। এনেবোৰ দিশৰ পৰিপেক্ষিত্বত সম্প্ৰতি শিৱসাগৰত একপ্ৰকাৰৰ নিৰাপত্তাহীনতাই বিৰাজ কৰিছে।

Related Articles

Leave a Reply

Close