শেহতীয়া
Home / অসম / লাফিকুল ইছলামৰ হত্যা এক ৰাজনৈতিক অভিসন্ধি, লাফিকুলে বৌদ্ধিকভাৱে সমৰ্থন কৰিছিল  বিজেপিক

লাফিকুল ইছলামৰ হত্যা এক ৰাজনৈতিক অভিসন্ধি, লাফিকুলে বৌদ্ধিকভাৱে সমৰ্থন কৰিছিল  বিজেপিক

প্ৰথম খবৰৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ক’লে অসম বিজেপিৰ শীৰ্ষ নেতাই

প্ৰথম খবৰ, বৰপেটা: ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱাৰ লগতে আউল লগাইছে ৰাজ্যৰ ৰাজনীতিত৷ প্ৰাথমিক পৰ্যায়ত লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ মূল কাৰক হিচাপে অসম-বাংলাদেশৰ মাজত চলা অবৈধ গো-ব্যৱসায় বুলিয়ে চিহ্নিত হৈছে যদিও কেতবোৰ আন আন কাৰকৰ সম্ভাৱণীয়তাই শ’লঠেকত পেলাইছে আৰক্ষী প্ৰশাসন কিম্বা ৰাজ্য চৰকাৰক৷

ৰাজ্যৰ বিভিন্ন মহলে ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক’ব খোজাৰ সময়তে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসমৰ ৰাজ্যিক বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই৷ অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইনৰ প্ৰথম খবৰৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত বিজেপি নেতাগৰাকীয়ে দাঙি ধৰিলে লাফিকুলৰ হত্যাকাণ্ডৰ কেতবোৰ সাম্ভাব্য ৰাজনৈতিক কাৰক৷

সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লাফিকুল হত্যাকাণ্ড সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ  মন্তব্য কৰি কয়, লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ দিনটো এনে এটা দিন নিৰ্ধাৰণ কৰা হৈছিল যিদিনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি বহুকেইটা অভিলাসী আঁচনিৰ বাবে অসমলৈ বৃহৎ পৰিমাণৰ বিত্তীয় অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল৷

ইয়াৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে অসমৰ তুলনাত গুজৰাটৰ বান পীড়িতৰ বাবে বেছিকৈ অনুদান আগবঢ়োৱাৰ বাবে বিৰোধী দলসমূহে সমালোচনা কৰিছিল৷ নৰেন্দ্ৰ মোডীয়ে অসমক মাহী আইৰ দৃষ্টিৰে চোৱা বুলিও অপবাদ দিছিল বিজেপি বিৰোধী শক্তিসমূহে৷ কিন্তু বিপক্ষৰ এই ৰাজনীতিক অসাৰ প্ৰতিপন্ন কৰি নৰেন্দ্ৰ মোডীয়ে অসমত উপস্থিত হৈ বহুকেইটা কোটি টকীয়া অভিলাসী আঁচনি ঘোষণা কৰাৰ সময়তে ৰাজ্যৰ অন্য এক প্ৰান্তত এগৰাকী জনপ্ৰিয় সংখ্যালঘু ছাত্ৰ নেতাক বিজেপি বিৰোধী শক্তিয়ে লাফিকুলক হত্যা কৰি নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ বহুল প্ৰচাৰ বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মুক্তাৰ হুছেইনে ব্যক্ত কৰে৷

দ্বিতীয়তে লাফিকুল ইছলামৰ হত্যাৰ লগত কংগ্ৰেছৰ অভিসন্ধি যড়িত হৈ থাকিব পাৰে বুলি প্ৰকাৰান্তৰে উল্লেখ কৰি তেওঁ কয় যে এসময়ত বক্সিৰহাট, শ্ৰীৰামপুৰ গেটত কংগ্ৰেছৰ আশীষপুষ্ট হৈ মাফিয়াগিৰীৰে আধিপত্য চলোৱা কিছু ব্যক্তিয়ে বিজেপি দলে ৰাজ্যৰ শাসনভাৰ লোৱাৰ পিছৰে পৰা অবৈধ কাৰ্য-কলাপসমূহ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছিল৷ যাৰ বাবে সেইসকল লোকে অসমত বিজেপিক ক্ষতিগ্ৰস্ত কৰাৰ বাবে বাৰম্বাৰ অপচেষ্টা কৰি আহিছে৷

ছাত্ৰ নেতা লাফিকুল ইছলামেও আপোচবিহীনভাৱে এইসকল অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে যুঁজ দি আহিছিল৷ যাৰ বাবে এইসকল অসাধু ব্যৱসায়ীৰ বাবে লাফিকুল হৈ পৰিছিৰ চকুৰ কুটা-দাঁতৰ শাল৷ যাৰ পৰিণতিত অৱশেষত দুষ্ট চক্ৰটোৱে লাফিকুল ইছলামক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিলে৷ কিন্তু কংগ্ৰেছৰ লগত সুসম্পৰ্ক বজাই ৰখা এই দুষ্ট চক্ৰই লাফিকুল ইছলামক দিন দুপৰতে হত্যা কৰিলে তাকো নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনটোতে। গতিকে এই হত্যাকাণ্ডটোক কেৱল ব্যৱসায়ৰ বাবে হোৱা হত্যাকাণ্ড বুলি ক’ব নোৱাৰি৷

বৰঞ্চ লাফিকুলৰ হত্যাকাণ্ডৰ সৈতে সম্পূৰ্ণ ৰাজনৈতিক অভিসন্ধি জড়িত থকাৰ ছবিখনহে বেছিকৈ স্পষ্ট হৈ পৰিছে৷ ইয়াৰ উপৰি অসম বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইনে লাফিকুলৰ আৰু অসম বিজেপিৰ সম্পৰ্ক সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে ”এগৰাকী সংখ্যালঘু ছাত্ৰ নেতা হিচাপে লাফিকুল ৰাইজৰ মাজত অতিকে জনপ্ৰিয় আছিল৷ লাফিকুল সামাজৰ প্ৰতি থকা দায়ৱদ্ধতাক শলাগিবলগীয়া৷ ছাত্ৰ নেতাগৰাকীৰ সৈতে আছিল মোৰ সুসম্পৰ্ক৷ ছ’চিয়েল  মিডিয়া যোগে বা ফোনযোগে লাফিকুলৰ লগত প্ৰায়েই কথা-বতৰা হৈছিল৷ মই যেতিয়া ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি পদত অধীষ্ঠিত হৈছিলো তেতিয়া লাফিকুলে মোক ফোনযোগে অভিনন্দন জনাইছিল আৰু কৈছিল আপুনি সঠিক পথত আগবাঢ়িছে৷ লগতে লাফিকুলে মোক সদায় সংখ্যালঘূৰ উন্নয়নৰ বাবে চিন্তা-চৰ্চা কৰিবলৈ অনুৰোধ কৰিছিল৷ তেতিয়া মই অনুভৱ কৰিছিলো লাফিকুলৰ দৰে উদ্যমী ডেকা শক্তিৰ আমাৰ দলৰ মাজত বহু প্ৰয়োজন৷ লাফিকুলৰ দৰে ডেকা শক্তিয়েহে বিজেপি সম্পৰ্কে অসমৰ সংখ্যালঘূৰ মাজত থকা ভ্ৰান্ত ধাৰণাসমূহ নিৰ্মূল কৰিব পাৰিব৷ লাফিকুলক ছাত্ৰ ৰাজনীতিৰ পৰা বিজেপিলৈ আনিবলৈ আমি দলৰ মজিয়াত আলোচনাও কৰিছিলো৷ লাফিকুলে ৰাজনৈতিকভাৱে নহ’লেও বৌদ্ধিকভাৱে বিজেপিক সমৰ্থন কৰিছিল৷ গতিকে লাফিকুলৰ মৃত্যুত বিজেপি দলও ক্ষতিগ্ৰস্ত হৈছে বুলি ক’লে ভুল নহ’ব।”

Leave a Reply

Your email address will not be published. Required fields are marked *

*