অসম

তামুলপুৰৰ দ্বাৰকুচিত নিশা ভয়াৱহ অগ্নিকাণ্ড

প্ৰথম খবৰ, তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তর্গত দ্বাৰকুচিত যোৱা নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। এখন চাহ দোকানৰ পৰা সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডৰ ফলত চাহ দোকান, পান দোকান, গেলামাল দোকান সহ প্ৰায় আঠ-দহখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ব পাৰে। নিশাই ৰঙিয়াৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱায় যদিও দোকান কেইখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। তামুলপুৰৰ আৰক্ষীও নিশাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও অগ্নিকাণ্ডৰ মূল কাৰণ জানিব পৰা হোৱা নাই। এই অগ্নিকাণ্ডৰ ফলত চাৰি লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হ’ব বুলি অনুমান কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close