অসম

তেজপুৰত অংগনাবাড়ি কৰ্মচাৰীয়ে প্ৰাপ্ত মজুৰিৰ দাবীত উত্তাল প্ৰতিবাদ

প্ৰথম খবৰ, তেজপুৰ: কেইবাহাজাৰ অংগনাবাড়ী কৰ্মীয়ে আজি তেজপুৰ আদালত চাৰিআলিত বিভিন্ন দাবী পুৰণৰ দাৱীত পৰিস্থিতি উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰিসকলে মজুৰি সঠিকভাৱে প্ৰদান কৰা, অংগনাবাড়ী কৰ্মীসকলক কৰ্মচাৰী হিচাপে স্বীকৃতি  দিয়াৰ দাৱীত পৰিস্থিতি উত্তাল কৰি তোলে।মহিলা প্ৰতিবাদকাৰিসকলে তেজপুৰ আদালত চাৰিআলিত  অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰে।

আৰক্ষী অধিক্ষকগৰাকীয়ে প্ৰতিবাদস্থলিত উপস্থিত হোৱাত মহিলাসকলে আৰক্ষী অধিক্ষকগৰাকীক ঘেৰাও কৰি প্ৰতিবাদ সাবস্ত্য কৰে।

Related Articles

Leave a Reply

Close