শেহতীয়া
Home / বিজ্ঞান / এতিয়াৰেপৰা হোৱাটছএপত কালাৰ ষ্টেটাছ

এতিয়াৰেপৰা হোৱাটছএপত কালাৰ ষ্টেটাছ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: এতিয়াৰেপৰা হোৱাটছএপলৈ আহিব কালাৰ ষ্টেটাছৰ সুবিধা থকা এণ্ডৰইড আৰু আইফোন এপছ। এই সুবিধা প্ৰথমে জনোৱা হৈছিল ফেচবুকৰ জৰিয়তে। তেওঁলোকে জনাইছিল যে, ৰঙীন বেকগ্ৰাউণ্ড, ফ’ণ্ট আৰু ইমোজী সংযোজন কৰিব।

হোৱাটছএপে সিদ্ধান্ত লৈছে যে, কালাৰ টেক্সট এণ্ডৰইড আৰু আইফোনসমূহত সংযোজিত কৰিব। যেতিয়াই হোৱাটছএপ ব্যৱহাৰকাৰীয়ে নিজৰ ষ্টেটাছ আৰু যিকোনো লিখনি সলোৱাৰ সময়ত এডাল সেউজীয়া ৰঙৰ এৰ’ দেখিবলৈ পাব আৰু সেই এৰ’ ডালেৰে মিডিয়া কনণ্টেন সলনি কৰিব পাৰিব। ষ্টেটাছটো পাব্লিচ কৰাৰ লগে লগেই হোৱাটছএপত থকা সকলোবোৰ কনটেক্সে দেখিবলৈ পাব।

টিপষ্টাৰে দাবী উত্থাপন কৰিছে যে, এতিয়াৰে পৰা আইফোনত ষ্টাইকাৰ্চ, উন্নতমানৰ চাট উপলব্ধ হ’ব আইফোনসমূহত। শেহতীয়াভাৱে হোৱাটছএপৰ ২.১৭৫০ ভাৰ্চনটোৱে আইফোনলৈ লৈ আহিছে বোল্ড, ইটালিকছ আদিৰ সুবিধাও।

Leave a Reply

Your email address will not be published. Required fields are marked *

*