অসমশীৰ্ষসাহিত্য

বুকুত সাৱটিম, ছে* দিম: গভীৰ নিশা যুৱতীক যৌন সম্পৰ্কৰ প্ৰস্তাৱ অসমীয়া লেখকৰ!

নিউজ ডেস্ক, প্ৰথম খবৰ: এজন লেখক, এগৰাকী যুৱতী আৰু এটা বহু বিতৰ্কিত ফেচবুক পোষ্ট। বিতৰ্কিত এই ফেচবুক পোষ্টটোৱে ইতিমধ্যে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত খলকনি তুলিছে। যুৱতীগৰাকীৰ অভিযোগ, যৌন সম্পৰ্কৰ প্ৰস্তাৱ দি ব্যতিব্যস্ত কৰিছে লেখক গগণাষ্টমে।

এখন জনপ্ৰিয় আলোচনীত ‘হেঁপাহৰ জোনাকী যৌৱন’ শীৰ্ষক চেলিব্ৰেটীৰ ধাৰাবাহিক প্ৰেম কাহিনী লিখি পাঠকৰ মাজত জনপ্ৰিয় হৈ পৰা গগণাষ্টম নামৰ লেখকজনৰ বিৰুদ্ধে যুৱতীক যৌন সম্পৰ্ক দিয়াত অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে যুৱতীগৰাকীয়ে লেখক গগণাষ্টমৰ বিৰুদ্ধে ফেচবুক পোষ্টৰ সমান্তৰালভাৱে হোৱাটএপত হোৱা কথা-বতৰাৰ স্ক্ৰীণশ্বটো আপলোড কৰি দিছে।

নিজৰ পত্নী আৰু কন্যা থকা গগণাষ্টম নামৰ লেখকগৰাকীয়ে যুৱতীগৰাকীক মাজনিশা যুৱতীগৰাকীক অশ্লীল মেছেজ দি ব্যতিব্যস্ত কৰাৰ অভিযোগ উঠিছে। নিশা ১২.২৭ বজাত যৌন সম্পৰ্কৰ প্ৰস্তাৱ দি হোৱাটছএপত মেছেজ দিয়াত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে। নিশা ১২.৪৩ বজালৈ মেছেজ দি ব্যতিব্যস্ত কৰাৰ পিছত যুৱতীগৰাকীয়ে লেখকজনৰ বিৰুদ্ধে ফেচবুকত পোষ্ট দিয়ে।

ইতিমধ্যে এই পোষ্টটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ইতিমধ্যে বিভিন্নজনে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লেখক গগণাষ্টমক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। ইফালে যুৱতীগৰাকীয়ে লেখক গগণাষ্টমৰ মুখা খুলি দিবলৈ তেওঁৰ মেছেজৰ অধিক স্ক্ৰীণশ্বট ৰাজহুৱা কৰিব বুলি পোষ্টটোৱে হুংকাৰ দিছে। আনহাতে লেখকগৰাকীয়ে এই প্ৰসংগত এতিয়ালৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। উল্লেখ্য যে, ইতিপূৰ্বেও এই গৰাকী লেখকৰ বিৰুদ্ধে কেবাবাৰো এনে ধৰণৰ অভিযোগ উত্থাপিত হৈছিল ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close