মহিলা

বিশ্ব স্তনপান সপ্তাহ: নৱজাতকৰ একমাত্ৰ পুষ্টিকৰ আহাৰ মাতৃদুগ্ধ

নিউজ ডেস্ক, প্ৰথম খবৰ: আগষ্টৰ প্ৰথম তাৰিখৰপৰা ৭ আগষ্টলৈ পালন কৰা হয় বিশ্ব স্তনপান দিৱস। প্ৰতি বছৰে বিশ্বৰ ১২০খনৰো অধিক দেশত বিশ্ব স্তনপান দিৱস পালন কৰা হয়। ১৯৯১ চনত আৰম্ভ হোৱা বিশ্ব স্তনপান দিৱসত “Sustaining Breastfeeding Together”ক এইবাৰৰ থীম হিচাপে লোৱা হৈছে।

ৱাবা (WABA) নামৰ সংস্থাটোৱে নৱজাতকক স্তনপান কৰাবলৈ মাতৃসকলকআহ্বান জনাইছে বিশ্বজুৰি। বিশ্ব স্বাস্থ্য সংস্থায়ো দেশে দেশে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। ভাৰতত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন,ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আহি বিভাগে প্ৰচাৰ চলাইছে দেশজুৰি।

বিশ্ব স্তনপান সপ্তাহতে এক ভয়ংকৰ তথ্য পোহৰলৈ আনিছে দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে। ভাৰতৰ কেইবাখনো ৰাজ্যত বহু শিশুৱে জন্মৰ প্ৰথম ঘণ্টাটোত মাতৃদুগ্ধ পানৰপৰা বঞ্চিত হৈ আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close