অসমশীৰ্ষ

অক্টোবৰ মাহত অসমলৈ আহিব বৃন্দাবনী বস্ত্ৰ: ৰনজিৎ কুমাৰ দাস

প্ৰথম খবৰ, বৰপেটাৰোড: জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্ৰখনি অক্টোবৰ মাহতে অসমলৈ অহাৰ সম্ভাৱনা আছে। এইকথা ব্যক্ত কৰিছে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰনজিৎ কুমাৰ দাসে। আজি বৰপেটাৰোডত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তেওঁ কয় – তেওঁ বিধান সভাৰ অধ্যক্ষ হৈ থাকোতে বিগত ২০১৬ চনত ফ্ৰান্সৰ গোলমেট মিউজিয়ামত থকা বৃন্দাৱনী বস্ত্ৰখনি কিছুদিনৰ বাবে অসমলৈ উভতাই অনাৰ বাবে এখনি অসম চৰকাৰৰ পত্ৰ মিউজিয়াম কৰ্তৃপক্ষক প্ৰদান কৰিছিল। যিহেতু এয়া এক প্ৰক্ৰিয়াৰ মাজৰেহে বস্ত্ৰখনি অসমলৈ অনা সম্ভৱ সেয়ে অসম চৰকাৰে পৰৱৰ্তী সময়ত নতুন দিল্লীত থকা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ লগত যোগাযোগ কৰে। সেই মৰ্মে যোৱা ১৩ চেপ্তেম্বৰত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উপাচাৰ্য্য ড: সঞ্জীৱন যোশী আৰু কেন্দ্রটো মুখ্য সংৰক্ষক ড: আচল পাণ্ডিয়াই ফ্ৰান্সৰ মিউজিয়াম কৰ্তৃপক্ষৰ লগত মিলিত হয়।

তেওঁলোকে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈ এইক্ষেত্ৰত অসমলৈ বস্ত্ৰখনি অনাৰ ক্ষেত্রত যোৱা ১৫ চেপ্তেম্বৰত অনুমোদন জনাইছে। এই অনুমোদনক লৈ ফ্ৰান্স চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অহা ১০ অক্টোবৰত এখনি বিশেষ বৈঠক অনুষ্ঠিত হব। এই বৈঠকত অনুমোদন হ’লেই অহা অক্টোবৰ মাহতে বৃন্দাবনী বস্ত্ৰখনি অসমলৈ প্ৰদৰ্শনৰ বাবে অহাৰ পথ মুকলি হ’ব বুলি তেখেতে জানিবলৈ দিয়ে। এইক্ষেত্ৰত সেয়ে গুৰুজনাৰ আগন্তুক জন্মোৎসৱত সকলো ৰাইজক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ বিধায়ক দাসে অনুৰোধ জনাইছে। উল্লেখ্য যে , অসম চৰকাৰে বস্ত্ৰখনি প্ৰদৰ্শনৰ বাবে অসমলৈ অনাৰ বাবে ২ কোটি অনুমোদন জনাইছে।

Related Articles

Leave a Reply

Close