Home / অসম / অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ

অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: ৰাষ্ট্ৰদূহিতাৰ অভিযোগত কৃষক নেতা অখিল গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিবাদত জ্বলিছে ৰাজ্য। অসম জাতিয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দি বিনাচৰ্তে মুক্তিৰ দাবী জনাইছে। কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনাইছে অন্যথা সংগঠনটোৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বুলিও মন্তব্য কৰে। অখিল গগৈক বিনাচৰ্তে মুক্তি প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত কঠোৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*