অসম

অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী

তিতাবৰৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: ৰাষ্ট্ৰদূহিতাৰ অভিযোগত কৃষক নেতা অখিল গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিবাদত জ্বলিছে ৰাজ্য। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত যেন উত্তাল হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ।

এইবাৰ তিতাবৰৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৰ নেতৃবৃন্দই। কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত সংগঠনটোৱে তিতাবৰৰ ধোদৰআলি অৱৰোধ কৰি যাতায়াতৰ ব্যৱস্থাটোকে স্থবিৰ কৰি তোলে। অখিল গগৈক বিনাচৰ্তে মুক্তি প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত কঠোৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে।

Related Articles

Leave a Reply

Close