অসম

অখিল গগৈক মুক্তিৰ দাবীত গোলাঘাটৰ ভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ

গোলাঘাটৰ পৰা ভৰত দত্ত, প্ৰথম খবৰ: কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত আছে গোলাঘাটত। যোৱা নিশা প্ৰায় ১১ বজাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰে’ল পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে। ফলত নামনি মূৱা ইণ্টাৰচিটি ৰে’লখন আৱদ্ধ হৈ পৰে। ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰায় নিশা ১২.২০ বজাত ৰে’লপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

আজি দিনৰ ভাগতো কৃষক মুক্তি, ছাত্ৰ মুক্তি, চাহ মুক্তি সংগ্ৰাম সমিতিয়ে নগৰৰ ভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সংঘটিত হয় এক অঘটন। প্ৰতিবাদকাৰীয়ে জ্বলোৱা টায়াৰ নুমুৱাবলৈ লওতেই ভৰিৰ পেণ্টত অগ্নি সংযোগ ঘটাত সৃষ্টি হয় এক পৰিস্থিতি। নগৰৰ বাটা পইণ্টত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে জনৈক কোঁৱৰ নামৰ আৰক্ষী গৰাকীৰ পেনত জুই লাগে। পেণ্টত লগা জুই পানী ঢালি নুমুৱাবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close