অসম

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁও ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৃষক মুক্তিৰ 

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক আৰক্ষীয়ে অতি বৰ্বৰ ভাৱে গ্ৰেপ্তাৰ কৰা ঘটনাৰ প্ৰতিবাদ জনাই আজি নগাঁও সদৰ আঞ্চলিক কৃষক মুক্তিয়ে  নগাঁও চহৰৰ হয়বৰগাৱত  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আজি দুপৰীয়া  শতাধিক কৃষক সদস্যই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

চহৰৰ মাজমজিয়াত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়ছোৱাত বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়,অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, আৰ এছ এছ  গ`বেক, আদি শ্ল’গানেৰে আকাশ বতাহ কপাঁ‌ই  তোলে। এইদৰে কৃষক মুক্তিৰ সদস্যই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

এই কাৰ্যসূচীত নগাঁও জিলা কৃষক মুক্তিৰ সম্পাদক জিতেন বৰা, সদৰ আঞ্চলিকৰ সভাপতি ইফতিকাৰ হুছেইনৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অখিল গগৈৰ মুক্তিৰ দাবী তোলে।।

 

Related Articles

Leave a Reply

Close