অসম

অখিল মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ, তিতাবৰত ৰাজপথ অৱৰোধ

তিতাবৰৰ পৰা চিত্তকমল বেজবৰা, প্ৰথম খবৰ: এইবাৰ অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত তিতাবৰত পুনৰ প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি। দুখীয়া দৰিদ্ৰৰ প্ৰতিবাদী কণ্ঠ অখিল গগৈক অতি প্ৰৰোচনামূলক ভাবে বিজেপি চৰকাৰে ৰাষ্ট্ৰদূহৰ অভিযোগত গ্ৰেপ্তাৰ কৰি দুখীয়া ৰাইজৰ সংগ্ৰাম খন স্তব্ধ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰাৰ লগতে শীঘ্ৰে অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনাইছে সংগঠনটোৱে। আজি তিতাবৰৰ ঐতিহাসিক মৰিয়নি, তিতাবৰ, গোলাঘাট সংযোগী ধোদৰ আলিত একত্ৰিত হৈ সংগঠনটোৰ কৰ্মী সকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কায্যসূচী ৰূপায়ন কৰি সংগঠনটোৱে যাতায়তৰ ব্যৱস্থাটোকে স্থবিৰ কৰি তোলে। অনাগত সময়ত দাবী মানি ননলে কঠোৰৰ পৰা কঠোৰতৰ কাৰ্যসূচী গ্ৰহণ কৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৰ নেতৃবৃন্দই সকীয়নী প্ৰদান কৰিছে।

Related Articles

Leave a Reply

Close