অসম

অবিভক্ত দৰং জিলা ডায়েটিয়ানৰ বিশেষ সমাৰোহ

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: দৰং জিলাৰ দলগাঁওস্থিত “জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান” চমুকৈ ডায়েটত প্ৰাক্ নিযুক্তিকালীন শিক্ষক প্ৰশিক্ষণ প্ৰাপ্ত প্ৰথম আৰু দ্বিতীয়টো দলে আজি সুদীৰ্ঘ ১৫ বছৰ পিছত এক বিশেষ সমাৰোহ অনুষ্ঠিত কৰে । মঙলদৈ নগৰ বালক নিম্ন বুনিয়াদী বিদ্যালয়ত আয়োজিত দিনজোৰা কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ কৰা হয় । দিনৰ এঘাৰ বজাৰ পৰা গুণোৎসৱৰ প্ৰাসংগিকতা বিষয়ক আলোচনা চক্ৰ এখন দৰঙৰ ডায়েটৰ অধ্যক্ষ মাধৱ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হয় ।

ইয়াতে বক্তব্য আগবঢ়াই ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা দেবেন্দ্ৰ কুমাৰ কলিতা, প্ৰবক্তা ভূপেন কুমাৰ দাস আৰু সৰ্ব শিক্ষাৰ জিলা আঁচনি বিষয়া সৌৰভ জ্যোতি দেৱ শৰ্মাই । ইয়াৰ পিছতে ডায়েটিয়ানৰ এক অন্তৰংগ অনুষ্ঠান আৰম্ভ হয় । ডায়েটৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ মমতাজ আলী আহমেদৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কাৰ্যসূচীত ডায়েটৰ তদানীন্তন প্ৰবক্তা পংকজা বৰুৱা , ড°প্ৰভাত কলিতা , নৱ কুমাৰ শৰ্মা, প্ৰতুল কুমাৰ মেধি, ৰোমিঅ খাখলাৰী,বাণী কান্ত চহৰীয়া, অৱসৰ প্ৰাপ্ত অধ্যক্ষ নজিবুৰ ৰহমান আদিয়ে অতীত ৰোমন্থন কৰাৰ লগতে সেই সময়ৰ প্ৰশিক্ষাৰ্থী সকলেও ডায়েটৰ স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত “মিচন ডায়েট” নামেৰে এখন স্মৃতি পুস্তিকাও উন্মোচন কৰা হয়।

Related Articles

Leave a Reply

Close