অসম

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ: অত্যাৱশকীয় সামগ্রীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। দৰং জিলাৰ মংগলদৈ জিলা পুথিভঁৰালত প্ৰাঙ্গণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ আজি অত্যাৱশকীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি ১ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ধৰ্মঘট কাৰ্যসূচীত অংশগ্রহণ কৰে দৰং জিলা সমিতিৰ সভাপতি চন্দন শইকীয়া, ৰাজ্যিক সমিতিৰ ভৱেশ কাকতি, হিমাদ্ৰী কাকতি, নৱজিৎ শৰ্মা, অৰিন্দম শৰ্মা, জয়ন্ত হাজৰিকাৰ লগতে বিষয়ববীয়াসকল অংশগ্রহণ কৰে অৱস্থান কাৰ্যসূচীত। মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি চৰকাৰক আহ্বান জনাই জনসাধাৰণক গুৰুত্ব প্ৰদান কৰি আকাশলংঘী মূলবৃদ্ধি ৰোধ কৰাত।

Related Articles

Leave a Reply

Close