অসমশীৰ্ষ

অৰুণাচলৰ খাৰছাঙত চেপা উত্তেজনা: ‘প্ৰথম খবৰ’ EXCLUSIVE

প্ৰথম খবৰ, জাগুন: অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ খাৰছাং আৰক্ষী থানাৰ অন্তৰ্গত নামচিক চেক গেট সমীপত কালি সংঘটিত হৈছে এক ভয়ংকৰ অপহৰণ কাণ্ড। পৰিয়ালৰ সন্মুখতে মূৰত বন্দুক থৈ অপহৰণ কৰে সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনে। আলফা জড়িতৰ সন্দেহ পৰিয়াল আৰু সেনাৰ। শাৰদীয় দাূৰ্গা পূজা উপলক্ষে তিনিচুকীয়া টাউনৰ পৰা বজাৰ কৰি অৰুণাচলৰ খাৰছাংস্থিত এন. জি., এ. আৰ. পি. অঞ্চলত থকা ঘৰলৈ ব্যক্তিগত বাহনেৰে গৈ আছিল।

নামচিক গেট সমীপত বাট আগুচি পৰিয়ালটোৰ আন সদস্য সকলক যাবলৈ দি এজনক অপহৰণ কৰি লৈ যায় কাষতে থকা ডাঠ অৰণ্যৰ মাজলৈ। জানিব পৰা মতে, অপহৃত হোৱা যুৱকজন সুভাষ ছেত্ৰীৰ পুত্ৰ পদম ছেত্ৰী (২৩)। পৰৱৰ্তী সময়ত যুৱকজনৰ পৰিয়ালক সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে ১ কোটি টকা ধনদাবী কৰে। মুক্তিপণৰ ধন নিদিলে পৰিস্থিতি ভয়াৱহ হোৱাৰ ইংগিত দিছিল পৰিয়ালটোক।

এনে ঘটনা অৰুণাচলত প্ৰায়ে হৈ থাকে যদিও আৰক্ষী, সেনা, গুপ্তচৰ, সংবাদ মাধ্যমৰ আগত ভুক্তভোগীয়ে পৰিস্থিতিৰ বিষয়ে সদৰী নকৰাকৈ সমাধানৰ সূত্ৰ বিচাৰি ফুৰে।

শেহতীয়া গোপন সূত্ৰৰ তথ্য মতে, ইতিমধ্যে যুৱকজনক আজি সন্ধিয়া ৭.৩০ বজাত মুকলি কৰি দিছে সংগঠনটোৱে। সম্প্ৰতি পদম ছেত্ৰী সুস্থ বুলি জনা গৈছে। বৰ্তমান যুৱকজনক পৰিয়ালৰ স’তে আছুতীয়াকৈ লেখাপানীস্থিত আত্মীয়ৰ ঘৰত ৰখা হৈছে। দাবী কৰা ধন আদায় দিয়া নিদিয়াৰ তথ্য এতিয়া পৰ্যন্ত উদঘাটন হোৱা নাই।

Related Articles

Leave a Reply

Close