অসম

আক্ৰাছুৰ ৪৮ ঘণ্টীয়া অসম বন্ধত পশ্চিম অসমত ব্যাপক প্ৰভাৱ

নিউজ ডেস্ক, প্ৰথম খবৰ: জনজাতিকৰণ আৰু কমতাপূৰ ৰাজ্য গঠনৰ দাবীত আক্ৰাছুৰ ৪৮ ঘণ্টীয়া বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে ৰাজ্যৰ বহু প্ৰান্তত। মূলত পশ্চিম অসমৰ কোকৰাঝাৰ, গোসাইগাওঁ, চিৰাং, বঙাইগাওঁ, গোৱালপাৰাত পৰিলক্ষিত ৰৈছে বন্ধৰ প্ৰভাৱ৷ বাসুগাঁৱত আক্ৰাছুৰ প্ৰদীপ ৰায় গোটৰ সমৰ্থকে একত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে৷ একেদৰে, বিজনী, তমাৰহাট, গোলকগঞ্জ আদিতো পৰিলক্ষিত হৈছে বন্ধৰ প্ৰভাৱ৷ ইপিনে, ৰাজ্যৰ বহু স্থানত একাংশ স্থানত আক্ৰাছুৰ বন্ধ সমৰ্থকক আটক কৰিছে আৰক্ষীয়ে৷ অৱশ্যে বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই গুৱাহাটী মহানগৰীত৷৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close