অসম

আগমণিত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ, গোলকগঞ্জঃ আগমণি শিক্ষা খণ্ড অন্তৰ্গত মধ্য দফৰপুৰ এল পি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণক লৈ প্ৰাক্তন সভাপতি আৰু মুখীয়াল সদস্যৰ মাজত বাক-বিতণ্ড হোৱা ফলত পাগলাহাট আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ধুবুৰী জিলাৰ আগমণি শিক্ষা খণ্ডৰ অধীনত মধ্য দফৰপূৰ এল পি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণক আৰু গুণোৎসৱ বিষয়ে আলোচনা কৰিবলৈ অহাত মুখীয়াল সদস্য তথা প্ৰাক্তন শিক্ষক জনক গেট আউট বুলি কোৱাত পৰিস্থিতি উত্তপ্ত হোৱাত প্ৰধান শিক্ষকগৰাকীয়ে আগৰ সভাপতি মনোৱাৰ হুছেইন প্ৰধানীক আক্রমণ কৰে বুলি অভিযোগ উত্থাপন হৈছে। পিছত পাগলাহাট আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। শ্ৰেণী কোঠা নিৰ্মাণ বাবদ আৱণ্টিত ধন ৫,২৯,৫২৮,০০ টকা আছিল।পৰিচালনা সমিতিৰ অভিযোগত কামখিনি চৰকাৰী নিয়মমতে হোৱা নাই আৰু মধ্যাহ্ন ভোজন সঠিক ভাৱে নোখোৱাত অভিযোগ উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close