অসমশীৰ্ষ

আগিয়াত চলন্ত যাত্ৰীবাহী বাছৰ পৰা পেলাই দিলে ছাত্ৰক

প্ৰথম খবৰ, আগিয়া: ছাত্ৰৰ ওপৰত বাছ চালক আৰু বাছ কৰ্মীৰ অত্যাচাৰ আজিৰ নহয় এয়া যেন প্ৰবাহমান গতিত চলিয়েই আছে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত। কিছুদিন পূৰ্বে এনেকুৱা জঘন্য ঘটনাৰ বাবে দুধনৈ মহাবিদ্যালয়ৰ ছাত্ৰই গুৱাহাটী বাছৰ অত্যাচাৰ সহিব নোৱাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বিভিন্ন বাছ গাড়ী ৰখাই প্ৰতিবাদ সাব্যস্ত কৰাৰ এপষেক নোহোতে আজি পুনৰাই আগিয়া আৰক্ষী থানাৰ অন্তৰ্ভুক্ত আগিয়া বাছ আস্থানৰ কাষতে ঘটিলে সেই জঘন্য আৰু আমানৱীয় ঘটনাটো।

প্ৰাপ্ত বাতৰি মতে, আজি পুৱা ৯:১৫ বজাত মানকাছাৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ১৭- বি ৭৬১২, নম্বৰৰ মণ্টু নামৰ যাত্ৰীবাহী বাছ এখনত পানদোবাৰ গোপাল দাসৰ পুত্ৰ দেৰেক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ চৈতন্য দাসক বিদ্যালয় নৌপাতেই আগিয়া বাছ আস্থানত চলিত গাড়ীৰ পৰা ডিঙিত ধৰি গতিয়াই বাহিৰলৈ পেলাই দিয়াৰ লগতে নানান কটু বাক্যৰে গালি দিয়ে যদিও উক্ত ঘটনা সহ্য কৰিব নোৱাৰি অঞ্চলস্থ ৰাইজে চেকাৰক উত্তম মাধ্যম দিয়ে। লগে লগে অঞ্চলটোত হুয়া দুৱা লাগে। ক্ৰমান্বয়ে অঞ্চল জুৰি খবৰটো বনজুইৰ দৰে বিয়পি পৰে আগিয়া আৰক্ষী বিষয়াই লগে লগে এটা নিশ্চিত আক্ৰমণৰ পৰা গাড়ী চালকৰ উপৰি চেকাৰজনক আগিয়া আৰক্ষীয়ে আৰক্ষী থানালৈ নিয়াৰ লগতে ছাত্ৰ জনৰ মেডিকেল কৰে।

কিন্তু খবৰটো আগিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক অসীম দাস আৰু গগণ পাটগিৰি আৰু বালিজানা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ উপ সভাপতি মনিন্দ্ৰ দেৱ নাথ আৰু সাধাৰণ সম্পাদক নিত্যানন্দ নাথে উক্ত ঘটনাৰ তীব্ৰ নিন্দা কৰি গৰিহণা দিয়াৰ লগতে দোষী ব্যক্তিৰ উচিত শাস্তিৰ প্ৰতিবাদত কমেও শতাধিক ছাত্ৰই আগিয়া আৰক্ষী থানা ঘেৰাও কৰে আৰু দুয়োটা ছাত্ৰ সংগঠনে আগিয়া আৰক্ষী থানাত দোষী ব্যক্তিৰ শাস্তিৰ দাবীত পৃথকে পৃথকে এজাহাৰ দাখিল কৰাৰ লগতে চেকাৰ জনক সমূহ ছাত্ৰৰ সন্মুখত আঠুলৈ ক্ষমা খুজিবলৈ বাধ্য কৰে।

আজিৰ এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে তীব্ৰ নিন্দা কৰি গৰিহণা দিয়ে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ খেল সম্পাদক জিতুমণি নাথ, গোৱালপাৰা জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উদ্ধৱ চন্দ্ৰ নাথৰ লগতে বালিজানা আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ শিক্ষা সচিব অৰুণ জ্যোতি নাথৰ উপৰি আগিয়াৰ সচেতন মহলে। এই বিষয়ত সকলোৱে দোষী ব্যক্তিৰ উচিত শাস্তি দাবী কৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close