অসম

আছু নেতা মৃন্ময় শিল্পী দ্বীপজ্যোতি পাল

প্ৰথম খবৰ,বৰহাট: সাম্প্রতিক সময়ত নিবনুৱাহৈ চাকৰি বিচাৰি সাবাথুৰি খাই নাথাকি সদৌ অসম ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক দ্বীপজ্যোতি পালে মৃন্ময় শিল্পৰ লগত জড়িত থাকি আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে।বৰুৱাছালি মৌজাৰ অন্তৰ্গত লেফেৰা গাঁৱৰ নিবাসী ক্ষুদ্ৰ চাহ খেতিয়ক জিন্টু পালৰ তৃতীয় পুত্ৰ তথা বৰহাট মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰ দ্বীপজ্যোতি পালে তৃতীয় শ্ৰেণীৰ পৰাই এই শিল্পৰ প্ৰতি আকৃষ্ট হৈ ২০১৫ বৰ্ষৰ পৰা নিজা বাস গৃহৰ পৰা ব্যৱসায় কৰি আহি২০১৬ বৰ্ষত বৰহাটলৈ ব্যৱসায় সম্প্ৰসাৰিত কৰে।

দ্বীপজ্যোতি পালে নিৰ্মাণ কৰা মূৰ্ত্তি চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চললৈ পূজা উদ্ যাপন কৰা উদ্যোগক্তাসকলে ক্ৰয় কৰি নিয়ে। বৰ্তমান বৰহাট মহাবিদ্যালয়ৰ অধ্যয়নত ছাত্ৰ মৃন্ময় শিল্পী দ্বীপজ্যোতি পালে ভৱিষ্যতে চাকৰি পালেও এই ব্যৱসায়টো আগবঢ়াই নিব বুলি জনাইছে।

সদৌ অসম ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতিৰ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ দায়িত্বত থাকিও মূৰ্তি নিৰ্মাণ কৰা কাৰ্যত জড়িত থকাৰ বাবে বৰহাটবাসী ৰাইজে শলাগিছে।

Related Articles

Leave a Reply

Close