অসম

আত্মাই সকলোকে ভাল পাব শিকাই: নলবাৰীত কৃৰ্তি শিক্ষক দধিৰাম ডেকাক সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি সন্ধিয়া নলবাৰী জিলা সাংস্কৃতিক মহাসভাৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত সংস্কৃতি পূজাৰী, কৃৰ্তি শিক্ষক দধিৰাম ডেকাক সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা খন জিলাখনৰ যজ্ঞভূমিৰ এলেংগীদলত অনুষ্ঠিত হৈ যায় । সন্ধিয়া নলবাৰী জিলা সাংস্কৃতিক মহাসভাৰ সভাপতি অশ্বিনী কুমাৰ শৰ্মাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ আদিতে কৃৰ্তি শিক্ষক ডেকাৰ পিতৃ মাতৃ প্ৰতিকৃতিত বন্তি জ্বলাই ব্ৰহ্মকুমাৰী ৰঞ্জু বেহেনাই । সভাত বিশিষ্ট অতিথি হিচাপে অসম সাংস্কৃতিক মহাসভাৰ সভাপতি শংকৰ দাসে ভাষন ৰাখে।

‘স্ব পৰিৱৰ্তনে বিশ্ব পৰিবৰ্তনৰ আধাৰ ‘ বিষয়বস্তু ৰ ওপৰত নিৰ্দিষ্ট বক্তা হিচাপে ভাষন ৰাখি ৰাজযোগ প্ৰশিক্ষিকা, নলবাৰীৰ ব্ৰহ্মকুমাৰী পঞ্চতপাই কয় যে – আত্মাই সকলোকে ভাল পাব শিকাই। সেয়েহে মৃত্যুৰ পূৰ্বে আমি সকলোৱে ভাল কাম অৰ্থাৎ সৎ কাম কৰিব লাগে । বিশ্বৰ লগত মিলিব আধুনিক পৰিৱৰ্তন লাগিব । কিন্তু সেই পৰিবৰ্তন যাতে উশৃংখল নহয় তাক লক্ষ কৰা প্ৰয়োজন আছে বুলি ব্ৰহ্মকুমাৰী গৰাকীয়ে দোহাৰে ।

উল্লেখ্য যে সভাত সংস্কৃতি পূজাৰী, কৃৰ্তি শিক্ষক দধিৰাম ডেকাক সাংস্কৃতিক মহাসভাৰ লগতে বিভিন্ন সংগঠন, ব্যক্তিয়ে বিপুল সম্বৰ্ধনা জনাই । ইয়াৰ পিছতে ‘সাধক শিল্পী দধিৰাম ডেকা ‘গ্ৰন্থ খন উন্মোচন কৰে সাংস্কৃতিক মহাসভা,অসমৰ সভাপতি শংকৰ দাসে । উক্ত সভাতে আলোক শিল্পী হীৰেন্দ্ৰনাথ চৌধুৰী, বাদ্য শিল্পী যোগেন দাস, নৃত্য শিল্পী অতুল বৈশ্যক সম্বৰ্ধনা জনোৱা হয় । শেষত সাংস্কৃতিক মহাসভাৰ, নলবাৰী জিলা সম্পাদক উমেশ বৰ্মনে আতঁ ধৰা নান্দনিক সাংস্কৃতিক অনুষ্ঠানেৰে সভাৰ সামৰণি পৰে ।

Related Articles

Leave a Reply

Close