অসম

আমগুৰি আবকাৰী কাৰ্যালয় ঘেৰাও ছাত্ৰ মুক্তিৰ

প্ৰথম খবৰ, আমগুৰি: এটা সংগঠনৰ এগৰাকী নেতাৰ শ্ৰুতলিপি মতে উঠা বহা কৰা আমগুৰি আবকাৰী বৰমূৰীয়া গৰাকীক ধিক্কাৰ দি আজি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।ছাত্ৰ সংগঠনটোৰ উদ্যোগত উলাই অহা ক্ষুব্ধ জনতাই আবকাৰী কাৰ্যালয় ঘেৰাও কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে।

উল্লেখ্য যে, বেপেৰুৱা আবকাৰীৰ বৰমূৰীয়া গৰাকীৰ দায়িত্বহীনতাৰ বাবে আমগুৰিত এটা চক্ৰই অৰুণা চলী ভেজাল সুৰাৰ বেপাৰ অব্যাহত ৰখাৰ লগতে গ্ৰামাঞ্চল সমূহত চুলাই মদৰ ভাতি গঢ়ি উঠিছে’। তৎসত্বেও আমগুৰি আবকাৰী চকু মুদা কুলি হৈ আছে। পৰিণতিত ছাত্ৰমুক্তিৰ জিলা সভাপতি দুলাল কলিতা আৰু কেন্দ্ৰীয় সংগঠনিক সম্পাদক ঋতুমনি হাজৰিকাৰ নেতৃত্বত ক্ষুব্ধ জনতা ওলাই আহি আবকাৰী মুৰ্দাবাদ, অবৈধ সুৰা ব্যৱসায় বন্ধ কৰক আদি শ্ল’গান দি আবকাৰী কাৰ্যালয় ঘেৰাও কৰি পৰিবেশ উত্তাল কৰে।

Related Articles

Leave a Reply

Close