অসম

উপ-পঞ্জীয়ক কাৰ্যালয় উঠাই নিয়াৰ প্ৰতিবাদত চতিয়াত প্ৰতিবাদী সভা

চতিয়াৰ পৰা সৌৰভ হাজৰিকা, প্ৰথম খবৰ: চতিয়াত আজি তিনিদিন ধৰি অব্যাহত আছে প্ৰতিবাদ৷ চতিয়াৰ পৰা উপ-পঞ্জীয়ক কাৰ্যালয় উঠাই নিয়াৰ প্ৰতিবাদত আজি চতিয়া আৰু নাগশংকৰ মৌজাৰ ৰাইজ একত্ৰিত হৈ চতিয়া নাট্য ভৱনত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

সভাত সভাপতিত্ব কৰে চতিয়া বৃহত্তৰ নাগৰিক সভাৰ সভাপতি ভৱ শইকীয়াই। চতিয়া বৃহত্তৰ নাগৰিক সভাৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা এই সভাত উদ্দেশ্য বাখ্যা কৰে চতিয়া বৃহত্তৰ নাগৰিক সভাৰ সম্পাদক বিষ্ণু বৰুৱাই৷ সভাত উপস্থিত থাকি পূব শোণিতপুৰ জিলাৰ বি জে পিৰ সভাপতি পৰেশ বৰকাকতীয়ে কয় যে ,উপ-পঞ্জীয়কৰ কাৰ্যালয় বিশ্বনাথ চাৰিআলিলৈ উঠাই নিয়াৰ যি প্ৰচাৰ চলিছে সি অতি দুৰ্ভাগ্যজনক৷ চতিয়া আৰু নাগশংকৰ মৌজাৰ মানুহে যাতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমি ব্যৱস্থা গ্ৰহন কৰা উচিত৷

তেখেতে কয় যে ,যোৱা ৭ চেপ্তেম্বৰত যেতিয়া চতিয়াস্থিত উপ-পঞ্জীয়ক কাৰ্যালয় চতিয়াৰ পৰা বিশ্বনাথ চাৰিআলি নিয়াৰ খবৰ ওলাই তেতিয়া চতিয়া বৃহত্তৰ নাগৰিক সভাৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ সহযোগত এটি সজাঁতি দল চতিয়া উপ- পঞ্জীয়ক কাৰ্যালয়ত উপস্থিত হৈ এই বিষয়ে জানিব বিচৰাত তেওঁলোকো এই বিষয়ত অৱগত নহয় বুলি কয়৷ অনহাতে এই বিষয়ে বিশ্বনাথৰ উপায়ুক্তৰ পৰা জানিব বিচৰাত তেওঁ অজ্ঞতা প্ৰকাশ কৰে৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চতিয়াত আৰম্ভ হয় প্ৰতিবাদ ৷ আজিৰ সভাত উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে এই সমস্যাৰ এটাই মাত্ৰ স্থায়ী সমাধান আছে যে আমি নদুৱাৰৰ ৰাইজ একত্ৰিত হৈ থাকিব লাগিব৷ নহলে ইয়াক সাময়িক ভাৱে স্থগিত কৰিব পাৰিলেও স্থায়ী ভাবে পৰা নাযাব লগতে নদুৱাৰ একে লগ হৈ থাকিলে ভৱিষ্যতে নদুৱাৰ মহকুমা দাবী কৰিব পৰা যাব।

বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই ক্ষেত্ৰত সহমত প্ৰদান কৰে আৰু কয় যে উপ-পঞ্জীয়ক কাৰ্যালয় চতিয়াৰ পৰা যাব দিয়া নহব ৷ সভাত চতিয়া আঞ্চলিক ছা়ত্ৰ সন্থা, চতিয়া সাহিত্য সভা, চতিয়া বনিক সন্থা, চতিয়া ক্ৰীড়া সন্থা, আমছু, চতিয়া বি জে পি ৰ কৰ্মকৰ্তা, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াকে ধৰি চতিয়া, নাগশংকৰ মৌজাৰ ৰাইজ উপস্থিত থাকে৷ সভাত সৰ্বসন্মতি ক্ৰমে কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰে ৷ এই প্ৰস্তাৱ অনুসৰি চতিয়া উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কাম কাজ পূৰ্বৰ দৰেই চতিয়াত হওঁক, বৃহত্তৰ নদুৱাৰ অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত বিশ্বনাথ জিলাৰ পশ্চিম সীমা আৰক্ষী জিলাৰ সীমালৈকে(ভৰলী নদীলৈকে) নিৰ্দ্ধাৰণ কৰা হওঁক , ১৯৮০ চনতে নদুৱাৰ মহকুমা পাবলৈ কৰা দাবীৰ প্ৰতি সন্মান জনাই আজি চতিয়া নাট্য ভৱনত চতিয়া, বিশ্বনাথৰ দুয়োজন বিধায়কৰ উপস্হিতিত বৃহত্তৰ চতিয়া নাগৰিক সভাৰ আহ্বানত একত্ৰিত হোৱা ৰাইজে অতি শীঘ্ৰে নদুৱাৰ মহকুমা ঘোষণাৰ দাবী জনায়, সমগ্ৰ নদুৱাৰবাসী ৰাইজৰ লগত আন্তৰিকতা সহকাৰে একত্ৰিকৰণৰ স্বাৰ্থত প্ৰয়োজনীয় কাৰ্য সম্পাদনাৰ্থে দুয়ো গৰাকী বিধায়কৰে লগতে ছয়জনীয়া সমিতি গঠনৰ প্ৰস্তাৱ গ্ৰহন কৰে৷

 

Related Articles

Leave a Reply

Close