অসমশীৰ্ষ

উৎকণ্ঠা!কোন বহিব টিংৰাই সমবায় সমিতিৰ চেয়াৰমেনৰ গাদীত

প্ৰথম খবৰ, পেঙেৰী: ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত টিংৰাইত যোৱা ৩০ আগষ্টত অনুষ্ঠিত হোৱা সমবায় সমিতিৰ নিৰ্বাচনত বিজেপি আৰু অগপ সমৰ্থিত কেওগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ পাছতে এতিয়া তেওঁলোকৰ মাজত কোন হ’ব ইনচাৰ্জ কোন বহিব চেয়াৰমেনৰ গাদীত ইয়াকে কেন্দ্ৰ কৰি এতিয়া জল্পনা কল্পনাৰ সৃষ্টি হৈছে৷

বিজয়ী ১৫ গৰাকী প্ৰাৰ্থীৰ মাজত আলোচনা মৰ্মে যোৱা কালিয়েই সন্ধিয়া চেয়াৰমেন বাচনি হোৱাৰ কথা আছিল যদিও এই পৰ্যন্ত চেয়াৰমেন নিৰ্বাচিত হোৱা নাই৷ উল্লেখ্য যে, ১৯৯৭ চনৰে পৰা বিধায়ক সুৰেণ ফুকনৰ দখলত থকা সমবায় সমিতি খনৰ নেতৃত্ব আজি পৰ্যন্ত অন্য ৰাজনৈতিক দলে কাঢ়িবলৈ সক্ষম হোৱা নাই৷ প্ৰতি ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত নিৰ্বাচনত বিধায়ক ফুকনৰ নিৰ্দেশ অনুসৰিয়েই প্ৰাৰ্থী প্ৰক্ষেপ কৰা হয় আৰু চেয়াৰমেন বাচনিৰ ক্ষেত্ৰতো সুৰেন ফুকনেই নিৰ্নায়ক ভূমিকা পালন কৰি আহিছে৷

এইবাৰ নিৰ্বাচনত জয়ী হোৱা বিজেপি অগপ মিত্ৰজোট সমৰ্থিত প্ৰাৰ্থী সকল হ’ল ঘনশ্যাম বৰগোহাই, দিলীপ মৰাণ, পূৰ্ণ ছেত্ৰী, বিকি ৰায় গংগাপ্ৰসাদ শৰ্মা, পূৰ্ণকান্ত ফুকন, প্ৰিয়ঞ্জয় তাতী, পুলিন নেওগ, প্ৰেম কানু, প্ৰেম মৌৰ্য্য, দিলীপ সিং আৰু নেত্ৰ ৰাণা৷ ইয়াৰে পূৰ্ণ ছেত্ৰী আৰু নেত্ৰ ৰাণা হৈছে অগপ দলৰ প্ৰাৰ্থী৷ বিগত সময়ৰ দৰেই বিজয়ী প্ৰাথীসকলৰ মাজৰ পৰা সমবায়খনৰ চেয়াৰমেন বাচনিত এইবাৰো বিধায়ক সুৰেন ফুকনে নিৰ্নায়ক ভূমিকা পালন কৰিব৷

চেয়াৰমেন আসন খন দখলৰ দৌৰত ইতিমধ্যে দুগৰাকী ব্যক্তিৰ নাম চৰ্চালৈ অহা পৰিলক্ষিত হৈছে৷ এগৰাকী হ’ল পুলিন নেওগ আৰু আনগৰাকী হ’ল সমবায়খনৰ প্ৰাক্তন সভাপতি ঘনশ্যাম বৰগোহাই৷ চেয়াৰমেন আসনখনৰ বাবে পুলিন নেওগৰ যথেষ্ঠ যোগ্যতা আছে কিন্তু প্ৰাক্তন চেয়াৰমেনগৰাকীৰ বিৰুদ্বে বিগত সময়ত অনিয়মৰ বিভিন্ন অভিযোগ উত্থাপিত হৈছিল৷ যাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ক্ষুভৰো সৃষ্টি হৈছিল৷ এইবাৰ নিৰ্বাচনত একমাত্ৰ দলীয় কাৰনত হৰাৰ পৰা ৰক্ষা পৰিছিল প্ৰাক্তন চেয়াৰমেনগৰাকী৷

এক সূত্ৰৰ পৰা জানিব পৰা মতে বিধায়ক ফুকনে পুনৰ সেইজন বিতৰ্কিত লোককে পুনৰ চেয়াৰমেন আসনত বহুৱাবৰ বাহে গুনাগঠা কৰিছে৷ দুৰ্নীতি আৰু কেলেংকাৰীৰ বিভিন্ন অভিযোগত অভিযুক্ত সেইগৰাকী প্ৰাৰ্থী পুনৰ যদি সমবায়খনৰ চেয়াৰমেন হয় তেনেহলে সমবায় সমতি তথা বিধায়ক সুৰেন ফুকনৰ প্ৰতিও যে ৰাইজৰ আস্থা হেৰাই যাব সেয়া একপ্ৰকাৰৰ খাটাং৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close