অসমবানপানী ২০১৭শীৰ্ষ

এজাক বৰষুণতে জলমগ্ন হয় ছয়দুৱাৰ মহাবিদ্যালয়

গহপুৰৰ পৰা ভুৱন শইকীয়া, প্ৰথম খবৰ: গহপুৰ মহকুমাৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়।কিন্তু আজিও এজাক বৰষুণতে ডুব গৈ থাকে কলেজখনৰ চৌহদ, মুল পথ। চত্ৰং নৈ খনন, মথাউৰি নিৰ্মাণত ব্যাপক আসোঁৱাহ, অনিয়ম, দুৰ্নীতি, অবিজ্ঞান সন্মত, অপৰিকল্পিতভাৱে চাৰিলেন যুক্ত পথ নিৰ্মাণ, জধে-মধে নাল- নৰ্দমা, নৈৰ ওপৰত ঘৰ, দোকান বনোৱাই ইয়াৰ প্ৰধান কাৰণ বুলি ক’ব পাৰি…

১৯৬৭ চনতে প্ৰতিষ্ঠা লাভ কৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ চলিত বৰ্ষৰ জানুৱাৰীৰ শেষৰফালে বা ২০১৮ চনৰ ফেব্ৰুৱাৰীত উদযাপন কৰিবলৈ প্ৰস্তুতি অব্যাহত আছে। তেনে সময়তে মৰা চত্ৰং নৈৰ বাঢ়নী পানী আৰু কৃত্ৰিম বানপানীয়ে কলেজখনৰ সৌষ্ঠৱ, শৈক্ষিক পৰিবেশ বিনষ্ট কৰিছে। আজি কেইবাদিনো ধৰি মৰা চত্ৰঙৰ এটা সুঁতি মহাবিদ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বৈ আছে। যাৰ বাবে জীয়াতু ভুগিছে মহাবিদ্যালয়খনৰ ছাত্র ছাত্রী, অধ্যক্ষ, অধ্যাপক -অধ্যাপিকা আৰু কৰ্মচাৰীসকলে। মহাবিদ্যালয়খনৰ এই জ্বলন্ত সমস্যাটো দিনক – দিনে বৃদ্ধি পাইছে যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ফলপ্ৰসু কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় বিধায়ক, জলসম্পদ বিভাগ, জিলা বা প্ৰশাসনে।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মুখত বা সমীপত ৰাষ্ট্ৰীয় ঘাইপথত পকী কালভাৰ্টৰ ব্যৱস্থা নকৰিলে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম শেষ হোৱাৰ পিছত মহাবিদ্যালয়নৰ পানীৰ সমস্যা বৃদ্ধি পাব বুলিহে একাংশ লোকে ক’ব খোজে। গতিকে সময় থাকোঁতেই বিষয়টো গুৰুত্বসহকাৰে লোৱা উচিত।

ঐতিহ্যমণ্ডিত ছয়দুৱাৰ বিদ্যালয়তে অধ্যয়ন কৰি বিভিন্ন ক্ষেত্রত সু- প্ৰতিষ্ঠিত হৈছে বহু ব্যক্তি।মহাবিদ্যালয়ৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্রত তেওঁলোকৰো নিশ্চয় কৰণীয় আছে। আশা কৰোঁ ছয়দুৱাৰ মহাবিদ্যালয়ক হাড়ে – হিমজুৱে ভাল পোৱা সকলো ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠনে ছাত্র-ছাত্রীৰ ভৱিষ্যতৰ দিশটো জড়িত হৈ থকা ৰাজহুৱা স্বাৰ্থ বিষয়টো গুৰুত্বসহকাৰে ল’ব।

Related Articles

Leave a Reply

Close