অসম

ঐক্যসেনা অসমৰ উদ্যোগত প্ৰয়াত সাংবাদিক ৰীমা শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিটো সময়ত জাগ্ৰত প্ৰহৰীৰ দায়িত্বতাৰে বিগত কালচোৱাত বিশেষ ভূমিকা কৰি অহা ঐক্য সেনা অসমে অসম আৰু অসমীয়া জাতি গঠনত বৰঙনি আগবঢ়োৱা প্ৰতিজন ব্যক্তিক আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি আহিছে। গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত নিজকে নিয়োজিত কৰি সেৱা আগবঢ়াই অহা প্ৰয়াত সাংবাদিক ৰীমা শৰ্মা আকস্মিক দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়। সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ উপৰিও বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে আজি দীঘলীপুখুৰী পাৰত সন্ধিয়া ৬ বজাত ঐক্য সেনা অসমৰ লগতে ভাতৃ সংগঠন ‘ছাত্ৰ ঐক্য সেনা’ আৰু ‘মহিলা ঐক্য সেনা অসম’ৰ যৌথ প্ৰচেষ্টাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত ঐক্য সেনা অসমৰ সাধাৰণ সম্পাদক, অধিবক্তা শ্বহিদুল ইছলাম, সভাপতি সঞ্জিৱ মহন্ত, কাৰ্যকৰী সভাপতি দেৱজ্যোতি শৰ্মাই প্ৰয়াত সাংবাদিকগৰাকীৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে এটি চৰকাৰী চাকৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনোৱাৰ উপৰিও যথোপযুক্ত আৰ্থিক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাই সাংবাদিক ৰীমা শৰ্মাৰ অকাল মৃত্যুত অসমৰ সংবাদ ক্ষেত্ৰখনত অপূৰণীয় ক্ষতি হোৱা বুলি দুখ প্ৰকাশ কৰে। অনুষ্ঠানত মূ্খ্য মুখপাত্ৰ কমল কুমাৰে ৰাজপথত মৃত্যুৰ বিভিষিকা চলোৱা উদণ্ড গাড়ী চালক সকলক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ উপৰিও চৰকাৰে ট্ৰাক, চিটিবাচ চালকসকলক নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰাটো ব্যৰ্থতা বুলি ক্ষোভ প্ৰকাশ কৰে।
অনুষ্ঠানত ঐক্য সেনা অসমৰ মহিলা কোষৰ সভানেত্ৰী ভূশিকা কাশ্যপ, সম্পাদিকা উৰ্মিমালা দেৱী, ছাত্ৰ ঐক্য সেনাৰ ৰাজ্যিক সভাপতি আছিফ জাহান হক, সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰ, মুখ্য সাংগঠনিক সম্পাদক শ্ৰী সিদ্ধাৰ্থ দাস, কোষাধ্যক্ষ ফাৰুক খান, সম্পাদক হিতেশ কলিতাকে আদি কৰি বহুকেইগৰাকী কেন্দ্ৰীয় নেতৃত্বৰ উপৰিও গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে বুলু মুখ্য মুখপাত্ৰ কমল কুমাৰে জানিব দিয়ে।

Related Articles

Leave a Reply

Close