অসম

ঐতিহাসিক পানবাৰী নবাবী মছজিদত স্বচ্ছ ভাৰত অভিযান

নিউজ ব্যুৰ’, প্ৰথম খবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ স্বচ্ছ ভাৰত অভিযান এখোজ দুখোজকৈ সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিছে। চৰকাৰৰ প্ৰতিটো বিভাগে সময়ে সময়ে দেশৰ সাধাৰন নাগৰিকক স্বচ্ছতাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা দেখা গৈছে।

এইবাৰ পুৰাতত্ত্ব বিভাগৰ গুৱাহাটী চক্ৰৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান অনুষ্ঠিত হয় পানবাৰী নবাবী মছজিদত। মছজিদ তথা পানবাৰী হুছাইনীয়া মাদ্ৰাছা প্ৰাংগণত ছাফাই কৰাত আগভাগ লয় উক্ত মছজিদ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক তথা স্থানীয় সমাজসেৱক আব্দুৰ ৰশিদ ডাঙৰীয়া আৰু মাদ্ৰাছাখনৰ ছাত্ৰসকলৰ লগতে স্থানীয় সচেতন লোক।

Related Articles

Leave a Reply

Close