অসম

ওদালগুৰিত অসম বন্ধৰ ব্যাপক প্ৰভাৱ

ওদালগুৰিৰ পৰা গুনজিত দাস, প্ৰথম খবৰ: বড়োলেণ্ডৰ দাবীত এবছু, এন ডি এফ বি (প)আৰু জইণ্ট একবচন কমিটিয়ে আজি আহৱান দিয়া বাৰ ঘণ্টীয়া অসম বন্ধৰ ওদালগুৰিতো ব্যাপক প্ৰভাৱ পৰে। বন্ধৰ সময়চোৱাত সকলো ধৰণৰ যানবাহনৰ লগতে বেংক, দোকান পোহাৰ তথা চৰকাৰী কাৰ্যালয় বন্ধ থাকে।

কোনো বন্ধতে ওদালগুৰিত দুচকীয়া বাহন বন্ধ নহয় যদিও আজি আন্দোলনকাৰীয়ে বিভিন্নজনৰ দুচকীয়া বাহনৰ চাবি কাঢ়ি নি চলাচলত বাধাৰ সৃষ্টি কৰে।আনকে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া দুচকীয়া বাহনো বাদ নপৰিল এই বাধাৰ পৰা। এবছুৰ কৰ্মীসকলৰ এনেকাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।

Related Articles

Leave a Reply

Close