অসম

কটাহবাৰীৰ আয়ুৰচন্দ্ৰা চুপাৰ স্পেচিয়ালিটি হস্পিতালত মহিলাৰ গোপন ৰোগ পিচিওএছ সন্দৰ্ভত সজাগতা সভা

বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ: গুৱাহাটীৰ কটাহবাৰীস্থিত আয়ুৰচন্দ্ৰা চুপাৰ স্পেচিয়ালিটি হস্পিতালত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মহিলাৰ গুপ্তৰোগ পিচিওএছ সন্দৰ্ভত এখনি আলোচনা চক্ৰ। মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই উদ্বোধনী কৰা অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী মহিলাৰোগ বিশেষজ্ঞ চিকিৎসক।

আয়ুৰচন্দ্ৰাৰ সঞ্চালক হিমাদ্রি বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰি শুভৰাম্ভ কৰা অনুষ্ঠানত মহিলাৰ পিচিও ৰোগ অভিজ্ঞ চিকিৎসক ডাক্তৰ আইনা বৰঠাকুৰে বৰ্ণনা কৰে এই ভয়াবহ ৰোগৰ বিশ্লেষণ। এই গোপন ৰোগৰ প্ৰতিকাৰ সন্দৰ্ভত চলিত ছেপ্টেম্বৰ মাহত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাব হাস্পতালত কৰ্তৃপক্ষই। ৰোগৰ বিভিন্ন লক্ষণ আৰু তাৰ প্ৰতিকাৰ কৰাবলৈ এই মাহতে ৰাজ্যৰ ভিন্ন স্থানত সজাগতা শিবিৰও পাতিব আয়ুৰচন্দ্ৰা হাস্পতালে। আনহাতে, এই ৰোগৰ নিৰাময় তথা চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত আগন্তুক দিনত চিকিৎসালয় খনত চিকিৎসা প্ৰদানৰ চিন্তা চৰ্চা কৰে কৰ্তৃপক্ষই। আৰু এই চিকিৎসা তথা সজাগতাই হৈছে উত্তৰ পূৰ্বাঞ্চলত প্ৰথম প্ৰচেষ্টা আয়ুৰচন্দ্ৰা চুপাৰ স্পেচিয়ালিটি হাস্পতালৰ।

Related Articles

Leave a Reply

Close