অসম
কম ভল্টেজ আৰু বিদ্যুতৰ লুকাভাকুৱে জলাকলা খুৱাইছে ৰাইজক

প্ৰথম খবৰ, খুমটাই: গোলাঘাট জিলাৰ কমাৰগাঁও বিদ্যুত সংমণ্ডলৰ অধীনৰ বৃহত্তৰ বৰুৱা তামুলীপথাৰ, বনগাঁও আদি বহু কেইখন গাঁৱত অনিয়মীয়া বিদ্যুৎ যোগানে বহু দিন ধৰি অতিষ্ঠ কৰি আহিছে ।
গাঁওকেইখনৰ গঞা বহুদিন ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীক বিদ্যুৎ অনিয়মীয়া বিষয়টো অৱগত কৰি আহিছে যদিও আজিলৈকে সুফল লাভ নকৰিলে ।
সাধাৰণ এজাক বৰষুণ আহিলেই দুই তিনি দিন ধৰি অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰি দিয়ে কৰ্মচাৰীসকলে।
উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা গাঁও কেইখনত কি কাৰণে কমাৰগাঁও বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ে নিতৌ বিদ্যুত কৰ্তন কৰি ৰাখে স্থানীয় ৰাইজে এইটো এক ৰহস্য বিষয় বুলি অভিহিত কৰিছে। কমাৰগাঁও বিদ্যুৎ সংমণ্ডলত অধীনত থকা নুমলীগড় বিদ্যুৎ কন্ট্ৰল কাৰ্যালয়ৰ টেলিফোন নম্বৰত বহুদিন ধৰি বিদ্যুৎ যোগান অনিয়মীয় সম্পৰ্কত স্থানীয় ৰাইজে অভিযোগ দিলেও নুমলীগড় বিদ্যুৎ কন্ট্ৰল গৃহৰ বিষয়া কৰ্মচাৰীয়ে কোনো গুৰুত্ব প্ৰদান নকৰে আৰু বিদ্যুৎ কন্ট্ৰল কাৰ্যালয়টোৱে স্থানীয় বাগান সমূহত অধিক মুনাফা লাভ কৰি নিয়মীয়া বিদ্যুৎ যোগান ধৰি আহিছে বুলি অভিযোগ আনিছে বৃহত্তৰ বনগাঁও অঞ্চলৰ ৰাইজে।
আজি স্থানীয় ৰাইজে প্ৰথম খবৰ জানিবলৈ দিছে যে এনেকৈয়ে যদি কমাৰগাঁও বিদ্যুত সংমণ্ডল কাৰ্যালয়ে বিদ্যুৎ যোগান অনিয়মীয়া কৰি থাকে তেনেহ’লে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কমাৰগাঁও বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়টো ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিছে।