অসম

কাকপথাৰ আৰক্ষীক প্ৰত্যাহ্বান চুলাই গুৰ ব্যৱসায়ীৰ, থানাৰ সন্মুখেদি পাৰ হয় গুৰ ভৰ্তি অটো

প্ৰথম খবৰ, ডিৰাক: কাকপথাৰ আৰক্ষী থানা অন্তৰ্গত ডিৰাক অঞ্চলত দিনে দিনে বৃদ্ধি পাই আহিছে মাদক দ্ৰব্য প্ৰচলন। এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই জিলা প্ৰশাসনৰ। এনে সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে আৰক্ষীক প্ৰত্যাহ্বান জনাই থানাৰ সন্মুখেদি পাৰ কৰাই নিচা জাতীয় সামগ্ৰী।

কিন্তু চকু মুদা কুলি ভাওঁত কাকপথাৰ আৰক্ষী। আজি সন্ধিয়া প্ৰায় ৫মান বজাত কাকপথাৰ পৰা ডিৰাকৰ অভিমুখে আহি থকা As23-6518 নম্বৰ নিলা ৰঙৰ অটো এখন চুলাই গুৰ অনা খবৰ পাই কাকপথাৰ একাংশ দল সংগঠনে চেঙেলী গাঁৱত অটোখন ৰাখি কিছুসময় পাছত ৰহস্যজনকভাৱে এৰি দিয়ে।

তথ্য অনুসৰি অটোখনত ১০ টিং চুলাই গুৰ আছিল। গুৰৰ টিং সমূহ ডিৰাক গোঁসাই গাঁৱৰ জনৈক চাংমাইৰ বুলি জানিব পৰা গৈছে। অৱশ্য উক্ত ব্যক্তিজনৰ ওপৰত কাকপথাৰ আৰক্ষী কি ব্যৱস্থা হাতত লয় সেইয়া লক্ষ্যনীয় বিষয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close