অসমশীৰ্ষ

কাছাৰত বুজন পৰিমানৰ ৰঙা চন্দন কাঠ বাজেয়াপ্ত

শিলচৰৰ পৰা সমীন সেন ডেকা, প্ৰথম খবৰ: গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কেন্দ্ৰীয় শুল্ক বিভাগে কাছাৰ জিলাৰ ভাগা হাৱাইথাঙৰ পৰা বুজন পৰিমানৰ ৰঙা চন্দন কাঠ বাজেয়াপ্ত কৰিছে ৷ বাজেয়াপ্ত কৰা চন্দন খিনিৰ মুল্য প্ৰায় এক কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ এই সংক্ৰান্তত এজন লোকক আটক কৰি সোধাপোছা আৰম্ভ কৰিছে শুল্ক বিভাগে৷

জানিব পৰা মতে, দক্ষিণ ভাৰতৰ পৰা মিজোৰাম হৈ ম্যানমাৰ সীমান্তৰে চন্দনখিনি চীনলৈ নিয়াৰ বাবে হাৱাইথাঙত মজুত কৰি ৰখা হৈছিল ৷ এই তথ্য লাভ কৰাৰ পিছতে শুল্ক বিভাগৰ চিলং আৰু শিলচৰৰ এটি দলে বি এছ এফৰ সহায়ত অভিযান চলাই চন্দন খিনি বাজেয়াপ্ত কৰে ৷ বৰ্তমান চন্দন খিনি শিলচৰতে ৰখা হৈছে ৷ আনহাতে, প্ৰায় এসপ্তাহ ধৰি চন্দন খিনি এইদৰে মুকলি ঠাইত পৰিতক্ত অৱস্থাত উদ্ধাৰ হোৱা বিষয়টোও ৰহস্য জনক ৷

ইফালে, দুদিন পুৰ্বে ভিয়েটনামৰ পৰা মিজোৰাম হৈ দিল্লীলৈ নিয়াৰ পথত শিলচৰত এক ট্ৰাক জালুক black peeper জব্দ কৰে শুল্ক বিভাগে ৷ জালুক খিনিৰ পৰিমাণ বিশ মেট্ৰিকটন ৷ যাৰ বজাৰ মুল্য প্ৰায় দুই কোটি টকা ৷ আইজলৰ জামাবটত লোড কৰা এই জালুক খিনৰ সৈতে ট্ৰেঞ্চপ’ৰ্টাৰ নন্দলাল ওজা, ট্ৰাকৰ চালক মিথন নাথ আৰু হেন্দিমেন বাপন নাথক গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷ লগতে ১৯ লাখ টকা মুল্যৰ ট্ৰাকখনো বাজেয়াপ্ত কৰিছে শুল্ক বিভাগে ৷

Related Articles

Leave a Reply

Close