অসম

কাজিৰঙাত বিশ্ব গঁড় দিৱস

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙাত স্বেচ্ছাসেৱী প্ৰকৃতিপ্ৰেমী সংস্থা কৰবেট ফাউণ্ডেশ্যন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ যুটীয়া উদ্যোগত আজি কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত অনুস্থিত হয় বিশ্ব গঁড় দিৱস ৷ অনুষ্ঠানত ১০ খন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

মূলতঃ গঁড় সংৰক্ষণ আৰু সজাগতাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা এই গঁড় দিৱসত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুঁইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ লগতে বিভিন্ন সমল ব্যক্তিসকলৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে গঁড়ৰ বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে ৷

Related Articles

Leave a Reply

Close