অসম

কাজিৰঙাৰ অপহৃত তেল ডিপুৰ কৰ্মচাৰীৰ ভাস্কৰ গগৈৰ মুক্তি

প্ৰথম খবৰ, কাজিৰঙা: অৱশেষত মুক্তি পালে কাজিৰঙাৰ শিলজুৰিৰ এন.আৰ.এল এনাৰ্জি ষ্টেচন তেল ডিপুৰ পৰা অপহৃত কৰ্মচাৰী ভাস্কৰ গগৈ। কাৰ্বিপাহাৰৰ দুৰ্গম এলেকাত যোৱা নিশা ১১ বজাত মুকলি কৰি দিলে অপহৰণকাৰীয়ে৷ খোজ কাঢ়ি পুৱা উপস্থিত হয় পাহাৰৰ নামনি অঞ্চলত৷ আৰক্ষীয়ে উদ্ধাৰ কৰে ভাস্কৰ গগৈক ৷ ৫০ লাখ টকাৰ পণবন্দী আছিল ভাস্কৰ গগৈ৷

আৰক্ষীৰ দাবী যে আৰক্ষীৰ হেঁচাত ভাস্কৰক এৰি দিবলৈ বাধ্য হ’ল অপহৰণকাৰী ৷ ভাস্কৰৰ মতে, এয়া উগ্ৰপন্থী৷ তিনিজন উগ্ৰপন্থীয়ে কথা পাতিছিল কাৰ্বি আৰু অসমীয়া ভাষাত ৷ অপহৰণ কৰা নিশা ভাস্কৰক খোজ কঢ়াই পাৰ কৰি নিছিল ১৪ খন পাহাৰ ৷ ৰাখিছিল অৰণ্যৰ মাজত ৷ অপহৰণকাৰী সকলৰ হাতত আছিল এটা AK47 ৰাইফল ৷ ইফালে, আৰক্ষী নিশ্চিত নহয় যে অপহৰণকাৰী দলটো প্ৰকৃত নে নকল উগ্ৰপন্থী ৷ নিশ্চিত নহয় AK 47 সন্দৰ্ভতো৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close