অসম

কামৰূপত স্মৃতিচাৰণ সভা

প্ৰথম খবৰ, নিউজ ব্যুৰ’: কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ শিঙাপাৰা গাঁও পঞ্চায়তৰ অৰ্ন্তগত তুলসীখৰিকটাত কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক সৰবৰহী ব্যক্তি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট সংগঠক পবিত্ৰ ডেকাৰ প্ৰথম মৃত্যু তিথি উপলক্ষে এখন স্মৃতিচাৰণ সভা আজি অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা পবিত্ৰ ডেকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰে কনিষ্ট ভগ্নী দিপালী ডেকাই।

দিনৰ ১২ বজাত কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভুবনেশ্বৰ ডেকাৰ সভাপত্বিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত স্মৰণিকা পবিত্ৰ সুবাস উন্মোচন কৰে কমলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই।সভাত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৰেন দাসে আৰু কামৰূপ জিলা দেৱ দামোদৰ সংঘ নৃপেন ভাগৱতীয়ে পবিত্ৰ ডেকাৰ অতীত কৰি থৈ যোৱা কথা ৰোমন্থন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close