অসমবানপানী ২০১৭

কৃত্ৰিম বানত জলমগ্ন মাজবাট নগৰ

প্ৰথম খবৰ, মাজবাট: যোৱাকালি নিশা হোৱা এজাক মুষলধাৰ বৰষুণৰ ফলত মাজবাট নগৰৰ কেইবাঠাইতো কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। বিশেষকৈ মাজবাট নগৰৰ মাজমজিয়াৰ পৰা ৰে’লৱে ষ্টেচনলৈ যোৱা পথ, মাজবাট চাহ বাগিচাৰ হস্পিটেল লাইন আৰু ন’মাটি (খ)ৰ লাচিত পথ অঞ্চলত কৃত্ৰিম বানপানীৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়।

কৃত্ৰিম বান পৰিস্থিতিৰ বাবে ৰে’লৱে ষ্টেচন পথ আৰু লাচিত পথত একাঁঠু পানীৰে ভৰি পৰাত যাতায়াতৰ বাবে সৰ্বসাধাৰণ লোকে যমৰ যাতনা ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

Related Articles

Leave a Reply

Close