অসমশীৰ্ষ

কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত বঙালমৰাত পথ অৱৰোধ

বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্ত, প্ৰথম খবৰ: কৃষক মু্ক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক চৰকাৰে বেআইনীভাৱে জেলত ভৰাই ৰখা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তিয়ে প্ৰতিবাদ অব্যাহত ৰাখি আহিছে ৷ কৃষক নেতা জনক বিনাচৰ্তে মুক্তিৰ দাবীত দেওঁবাৰে বিহপুৰীয়াৰ বঙালমৰাৰ ৰাজপথত শ-শ কৃষক মুক্তিৰ সদস্যই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ বঙালমৰাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই বিহপুৰীয়া – লালুক সংযোগী পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্লোগান দিয়ে ৷

প্ৰতিবাদকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই বহু সময়লৈকে পথ অৱৰোধ কৰে। কৃষক নেতাজনক বিনাচৰ্তে মুক্তিৰ দাবীৰ লগতে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজনত সংগঠনটোৱে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close