অসম

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তীক আটক, তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰথম খবৰ, নলবাৰী: আজি দুপৰীয়াৰ ভাগত শিক্ষক তথা নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তীক নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে নলবাৰীৰ নিজ গৃহৰ পৰা আটক কৰি অনা ঘটনাই জিলাব্যাপী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মৰিগাঁও জিলা আছুৰ কাৰ্যালয় চৌহদত বিগত দুদিন পূৰ্বে বজৰং দলৰ ( হিন্দুত্ববাদী সংগঠন ) কিছু সংখ্যক শ্লোগান লিখা পোষ্টাৰ উদ্ধাৰ হয়।

অভিযোগ অনুসৰি ছ’চিয়েল মিডিয়াত বহু বিতৰ্কিত পোষ্ট আপডেট দি নিজকে বহু জনা ব্যক্তি হিচাপে চৰ্চিত, শিক্ষক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তীয়ে আছু আৰু বজৰং দল গোপন মিতিৰালি থকা বুলি ছচিয়েল মিডিয়াত পোষ্ট আপডেট দিছিল। এই ক্ষেত্ৰত মৰিগাঁও জিলা আছুই সংগঠনটোৰ সন্মানহানি হোৱা বুলি স্থানীয় আৰক্ষী থানাত দাবী পত্ৰ প্ৰদান কৰে।

জানিব পৰা মতে অৱশেষত আজি নলবাৰী আৰক্ষীয়ে বিতৰ্কৰ সৃষ্টি কৰা শিক্ষক জ্ঞানেন চক্ৰৱৰ্তীক নলবাৰীৰ নিজ গৃহৰ পৰা আটক কৰি আনে। বাতৰি লিখা সময়লৈ নলবাৰী সদৰ থানাত চক্ৰৱৰ্তীক আৰক্ষীয়ে সোধা পোছা কৰি আছে।

মন কৰিবলগীয়া যে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শিক্ষক চক্ৰৱৰ্তীয়ে প্ৰতিবাদৰ নামত চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে ভণ্ডামী কৰাৰ অভিযোগত তদানীন্তন নলবাৰী জিলা উপায়ুক্ত ডাঃ ওম প্ৰকাশে চাকৰিৰ পৰা নিলম্বিত কৰিছিল। সম্প্ৰতি ও ছ’চিয়েল মিডিয়াত নানা বিতৰ্কিত পোষ্ট আপডেট দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তীয়ে নিজক জ্ঞানী হিচাপে উপস্থাপন কৰা কাৰ্য চলাই যোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন সময়ত ।

Related Articles

Leave a Reply

Close