Home / বিনোদন / কোনেও অভিনয় কৰিব বিচৰা নাছিল ছানী লিঅ’নীৰ লগত

কোনেও অভিনয় কৰিব বিচৰা নাছিল ছানী লিঅ’নীৰ লগত

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ পৰ্দাত কিং খানৰ লগত দেখা পোৱা গৈছে মোহময়ী অভিনেত্ৰী ছানী লিঅ’নীক। কিন্তু ছানীৰ জীৱনত এনেকুৱা দিনো গৈছে যি সময়ত কোনো এজন বলিউডৰ তাৰকাই অভিনয় কৰিব বিচৰা নাছিল ছানী লিঅ’নীৰ লগত। এই কথা ছানী লিঅ’নীয়ে ব্যক্ত কৰিছে নেহা ঢুপীয়াৰ জনপ্ৰিয় শ্ব’ ‘ন’ ফিল্টাৰ নেহা’ত।

ছানী লিঅ’নীয়ে কোৱা মতে, যেতিয়া বলিউডত তেওঁ নতুনকৈ খোজ পেলাইছিল তেতিয়া তেওঁ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। নেহা ঢুপীয়াৰ ‘ন’ ফিল্টাৰ নেহা’ত অতিথি শিল্পী হিচাপে উপস্থিত থাকি অভিনেত্ৰীগৰাকীয়ে কয় ‘বলিউড ইণ্ডাষ্ট্ৰীত প্ৰথম খোজ পেলোৱাৰ দিনাৰ পৰাই মনটো বেয়া লাগি আছিল। কাৰণ ইণ্ডাষ্ট্ৰীতোত কোনো এজন অভিনেতাই মোৰ লগত কাম কৰিব বিচৰা নাছিল। তেনেতে এটা এৱাৰ্ড শ্ব’ মই নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি মোৰ মনৰ কথা কৈছিলো যে সেইদিনবোৰৰ কথা মনত পৰিলে মোৰ আজিও ভয় লাগে’।

শ্ব’ অৰ্গেনাইজাৰ এজনে বিচাৰিছিল ছানী লিঅ’নীক কোনোবা এজন অভিনেতাৰ লগত মঞ্চত থিয় কৰাবলৈ। কিন্তু কোনো অভিনেতাই ইচ্ছা প্ৰকাশ নকৰিলে এই কামটোৰ বাবে। ছানীৰ বাবে সুখৰ খবৰ এইটো যে, তেওঁৰ লগত সেই সময়ত অভিনয় কৰিব বিচাৰিছিল জনপ্ৰিয় অভিনেতা চাংকী পাণ্ডে। এই কথা নেহা ঢুপীয়াৰ শ্ব’টোত ছানী লিঅ’নীয়ে প্ৰকাশ কৰি কয় ‘কেৱল অভিনেতাই নহয় অভিনেত্ৰীসকলেও মোৰ লগত কাম কৰিব বিচৰা নাছিল। তথাপি মই হাৰ মনা নাছিলো’।

শেহতীয়াভাৱে ছানী লিঅ’নীক দুখন ছবিত দেখা পোৱা গৈছে। প্ৰথম খন অজয় দেৱাগনৰ লগত অভিনয় কৰা ‘বাদশ্বাহো’। এই ছবিখনত ছানী লিঅ’নীয়ে এটা আইটেম ছং কৰিছে। আনখন ছবি ২২ চেপ্টেম্বৰত মুক্তি পাব। ছবিখন সঞ্জয় দত্তৰ ‘ভূমি’। এইখন ছবিতো ছানী লিঅ’নীক আইটেম ছঙতে দেখা পোৱা যাব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*