অসম

খেৰণি ছছেং বহুমুখী সমবায় সমিটিৰ বাৰ্ষিক হিচাপ-নিকাচঃ ২০১৬-১৭ বৰ্ষত ২ লাখ ৩১ হাজাৰ টকা লাভ অৰ্জন

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: পাৰ্বত্য জিলা কাৰ্বি আংলঙত সুলভ মুল্যৰ খাদ্য যোগানৰ ক্ষেত্ৰত এক বিশেষ ভুমিকা পালন আৰু সেৱা আগবঢ়াই অহা ছছেং বহুমুখী সমবায় সমিটিয়ে আজি সমবায় সমিটিখনৰ উদ্যোগত অনুষ্ঠিত কৰিলে এখন গুৰুত্বপূৰ্ণ বাৰ্ষিক সভা৷ উল্লেখ্য যে ছছেং বহুমুখী সমবায় সমিটিখনৰ পৰিচালনা সমিটিৰ উপ-অধ্যক্ষ ৰবিন ইংতিৰ সভাপতিত্ব আৰু সম্পাদিকা ৰ’দ বেপিয়ে উদ্দেশ্য ব্যখ্যা কৰা সভাত সমবায়খনত হোৱা বাৰ্ষিক ব্যৱসায়ৰ হিচাপ-নিকাচসমুহৰ প্ৰতিবেদন আজি সামুহিকভাৱে ৰাজহুৱা কৰে সমবায় কৰ্তৃপক্ষই৷ বিভিন্ন শিতানত কৰা ব্যয় আৰু বিভিন্ন আচঁনি ৰূপায়নেৰে সমবায়খনে ২০১৬-১৭ বৰ্ষত লাভ অৰ্জন কৰা প্ৰত্যকটো শিতানৰ সম্পূৰ্ণ তথ্য গাণনিক বিষয়াৰ জৰিয়তে সভাত উপস্থিত থকা সমবায়খনৰ কাৰ্য্যবাহী সদস্য, অংশিদাৰ, সাধাৰণ সদস্য আৰু ৰাজইৰ ওচৰত এই প্ৰতিবেদন দাঙি ধৰে৷

মন কৰিবলগীয়া যে সমবায়খনে সম্পূৰ্ণ ব্যয় আদিৰ তথ্য ৰাজহুৱা কৰাৰ অন্তত উক্ত সমবায়খনে ২০১৬-১৭ বৰ্ষত ২ লাখ ৩১ হাজাৰ টকা লাভ অৰ্জন কৰা দেখুৱাই৷ যাৰ পৰিপ্ৰেক্ষিত সমবায়খনৰ বিৰুদ্ধে কোনো অভিযোগ অথবা বিতৰ্কৰ সৃষ্টি নহৈ বৰং সমবায়খনৰ লাভালাভক লৈ সন্তোষ আৰু আনন্দ প্ৰকাশ কৰে উপস্থিত সদস্যবৃন্দই৷ লগতে আগন্তুক সময়ত সমবায়খনৰ জৰিয়তে আন আন বহুমুখী বৃত্তিৰে আৰু অধিক লাভ অৰ্জনৰ সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰে খেৰণি ছছেং সমবায় সমিটিখনে৷ অৱশ্যে সভাৰ মজিয়তে সুলভ মুল্যৰ সামগ্ৰী লাভ কৰা ক্ৰেতাই সন্মুখিন হৈ অহা অভাৱ অভিযোগৰ কথাও অৱগত কৰে সমবায় সমিটিৰ কৰ্তৃপক্ষৰ ওচৰত উপস্থিত থকা একাংশ ৰাইজে৷ গুৰুত্বপূৰ্ণ যে বিশেষকৈ আজিৰ সভাত অন্তদয়া আঁচনিৰ, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আচঁনিৰ জৰিয়তে লাভ কৰা চাউলৰ সন্দৰ্ভতো আলোচনা কৰে এই সভাত৷ আনহাতে ইফালে বহু গ্ৰাহকৰ অন্তদয়া কাৰ্ড অথবা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আচঁনিৰ কাৰ্ড কৰ্তন কৰি চাউলৰ যোগান হ্ৰাস কৰা আদি সন্দৰ্ভতো আলোচনা কৰে সমবায়খনে আৰু উদ্বেগ প্ৰকাশ কৰি ৰাইজক জানিবলৈ দিয়ে যে এইদৰে চাউলৰ যোগান হ্ৰাস পালে সমবায়খনে অনাগত দিনত লাভৰ মুখ দেখিবলৈ কঠিন হব বুলি প্ৰকাশ কৰে৷ ইতিমধ্যে সমবায়খনত অন্তদয়া আচঁনিৰ গ্ৰাহকৰ কাৰ্ডৰ সংখ্যা ৩২৭ খনৰ পৰা ৪১ খনলৈ হ্ৰাস পাইছে বিপৰীতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আচঁনিৰ কাৰ্ডৰ সংখ্যা ৬৩৩৭ খনৰ পৰা ৭৫৯৬ খন হৈছেগৈ বুলি জানিবলৈ দিয়ে সমবায় কৰ্তৃপক্ষই৷

Related Articles

Leave a Reply

Close