অসমশীৰ্ষ

গাহৰি খোৱা কমাওক, পাৰিলে বাদে দিয়ক ধৈৰ্য বাঢ়িব: প্ৰমীলাৰাণী ব্ৰহ্ম

বঙাইগাঁৱৰ পৰা প্ৰশান্ত ৰায়, প্ৰথম খবৰ: বঙাইগাঁৱত আনন্দৰাম বৰুৱা বঁটা প্ৰদান৷ ২০১৭ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছাত সুখ্যাতিৰে, ভাল ফল লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা প্ৰদান কৰে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই।

ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ পৰা দি অহা প্ৰত্যক বছৰৰ দৰে এইবেলিও প্ৰদান কৰে অনন্দৰাম বঁটা।   আজি পশ্চিম অসমৰ মুঠ ছয়(৬) খন জিলাৰ ২৪৬৫ গৰাকী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লেপটপ বিতৰণ কৰে। বঙাইগাঁৱৰ আই টি আই খেল পথাৰত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত বিতৰণ কৰে মন্ত্ৰী ব্ৰহ্মই।

 

মন্ত্ৰী ব্ৰহ্মৰ দাবী, মোৱা মাছ খালে ছাত্ৰ-ছাত্ৰীৰ ব্ৰেইন বাঢ়ে। ৰিজাল্ট ভাল কৰে। গাহৰি খালে ব্ৰেইন ডাল হয়, যাৰ কাৰণে পঢ়িব নোৱাৰে। পৰীক্ষাত বেয়া ফল পায়৷ গতিকে গাহৰি খোৱা বাদ দিব লাগে৷ নামনিৰ লোকে গাহৰি বেছি খোৱাৰ বাবে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰে৷

অনুষ্ঠানত এমট্ৰনৰ সঞ্চালক এন কে ঝা, বিধায়ক ফণীভূষণ চৌধুৰী, শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Close