অসম

গোলকগঞ্জত অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি যুৱকক হত্যা

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত কানুৰি প্ৰথম খণ্ড গাঁৱত অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি কুঠাৰেৰে ঘপিয়াই এজন যুৱক হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কানুৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ মমতা ৰায়ৰ সৈতে দিলীপ ৰায় নামৰ যুৱকৰ দীৰ্ঘ দিনৰে পৰা অবৈধ সম্পৰ্ক চলি আছিল।

কিন্তু মমতাৰ দ্বিতীয় পুত্ৰ দুয়োকে একেটা কোঠাত আপত্তিজনক অৱস্থাত দেখা পাই কুমাৰীৰে দিলীপক ঘাপ মাৰি হত্যা কৰে। হত্যা কৰি মমতাৰ পুত্ৰ মনজিৎ ৰায়ে গোলকগঞ্জ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close