অসম

গোলকগঞ্জত আক্ৰাছুৰ বন্ধ সৰ্বাত্মকঃ টায়াৰ জ্বলাই প্ৰতিবাদ

প্ৰথম খবৰ, গোলকগঞ্জঃ পৃথক কমতাপুৰ ৰাজ্য আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত আক্ৰাছুৱে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জত । বন্ধৰ সময়ছোৱাৰ প্ৰথম দিনা গোলকগঞ্জ সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন অঞ্চলৰ ৰাজপথত যান-বাহন চলাচল সম্পুৰ্ণৰূপে বন্ধ থাকাৰ সমান্তৰালৰূপে গোলকগঞ্জ, আগমনী, হালাকুৰা আৰু ছাগলীয়া অঞ্চলৰ দোকান- পোহৰ,চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থকা পৰিলক্ষিত হয়।

ইপিনে ছাগলীয়া আৰু বিৰাট নগৰ চাৰিআলিত বন্ধৰ সমৰ্থকে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰা বুলি জনা গৈছে। বন্ধৰ সময়ত সংঘটিত আন কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ বাতৰি লিখাৰ সময়লৈকে পোৱা নাই।

Related Articles

Leave a Reply

Close