অসম

গোসাঁইগাঁৱত এবছুৰ ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

শ্ৰীৰামপুৰৰ পৰা কামাখ্যা সৰকাৰ: পৃথক বড়োলেণ্ড ৰাজ্য গঠন, বি টি এডি বহিৰ্ভূত অঞ্চলত বসবাস কৰা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ আদায়ৰ দাবীত আজি এবছু, এন ডি এফ বি আৰু পিপ’লছ জয়েণ্ট এক্সন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্টে যৌথভাৱে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে গোসাঁইগাঁও মহকুমাত। বন্ধৰ ফলত গোসাঁইগাঁও মহকুমা সদৰ চহৰকে ধৰি তুলসীবিল, ভাওৰাগুৰী, কচুগাঁও, গুৰুফেলা, জাৰাগুৰি, চৰাইবিল, সাপকাটা, শিমুলটাপু, শ্ৰীৰামপুৰৰ দোকান-বজাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, বেংক, ডাকঘৰ আদিকে ধৰি যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে। ফলত স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।

আনহাতে আজিৰ বন্ধত বিদ্যালয় মহাবিদ্যালয় সমূহকো বন্ধৰ পৰা ৰেহাই নিদিয়াত পুৱাৰে পৰাই মহকুমাখনৰ সৰ্বত্ৰ জনশূণ্য পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ উপৰি অসম-বংগ সীমান্তৰ শিমুলটাপুত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত শ শ পণ্য বাহী ট্ৰাকৰ লগতে বহুতো যাত্ৰী বাহী বাহন আৱদ্ধ হৈ পৰে। পুৱাৰ ভাগত অসম-বংগ সীমান্তৰ শিমুলটাপুত একাংশ বন্ধ সমৰ্থকে যানবাহন লৈ শিলগুটি নিক্ষেপ কৰাত কেইবাটাও বাহনৰ আংশিক ক্ষতি সাধন হয় যদিও পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close