অসম

গৱেষক, পণ্ডিত, সাহিত্যিক ডঃ দয়ানন্দ পাঠকক প্ৰদান তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা

গুৱাহাটী, দীপাকংৰ দাস, প্ৰথম খবৰ:  ঐতিহাসিক ননৈ অঞ্চলৰ ফুলবাৰী সত্ৰই প্ৰদান কৰি অহা তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা এই বৰ্ষত প্ৰদান কৰা হয় বিশিষ্ঠ শিক্ষাবিদ ডঃ দয়ানন্দ পাঠকক । ১৮২৫ চনতে নগাঁওৰ চম্পাৱতী নৈৰ পাৰত স্থাপন হোৱা ঐতিহ্য সত্ৰখনে প্ৰতিবছৰে অসমৰ শিক্ষা, সমাজ জীৱন, সাহিত্য-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোগৰাকীকৈ লোকক প্ৰদান কৰি আহিছে এই বিশেষ বঁটা।

মঙ্গলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সত্ৰখনৰ গম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট গৱেষক, পণ্ডিত, সাহিত্যিক ড: দয়ানন্দ পাঠকক প্ৰদান কৰা হয় সপ্তম বাৰ্ষিক তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা । এই সত্ৰৰ বিশেষ বঁটাত এখনি স্মাৰক, জাপি, মানপত্ৰ আৰু চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয় সাহিত্যিকগৰাকীক।

জি আই টিৰ সহযোগত শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ ইডুকেশ্যনেল ছ’চাইটিৰ উদ্যোগত অনুষ্ঠিত আজিৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰ, ইয়াৰ পূৰ্বেই বঁটা লাভ কৰা বৰেণ্য ব্যক্তিসকল, জ্যেষ্ঠ সাংবাদিক কণক সেন ডেকা, নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

Related Articles

Leave a Reply

Close